peepl-small

আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সশস্ত্র যুৱকৰ চাঞ্চল্যকৰ ভাষ্যঃ নতুন উগ্রপন্থী সংগঠনৰে সুসম্পর্ক বিপিএফৰ মুৰব্বী হাগ্রামাৰ

PUBLISHED:

গুৱাহাটীঃ এটা নতুন সশস্ত্র উগ্রপন্থী সংগঠন আৰু বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ গোপন সম্পর্কৰ বহু বিস্ফোৰক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ ভাৰতৰ নির্বাচন আয়োগলৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রেৰণ কৰা এখন পত্রত প্রকাশ পাইছে এই চাঞ্চল্যকৰ তথ্যসমূহ৷ ৮ পৃষ্ঠাৰ এই পত্রখনৰ পাতে পাতে সন্নিৱিষ্ট হৈ আছে গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ষড়যন্ত্রৰ সবিশেষ৷

উল্লেখ্য যে নতুন উগ্রপন্থী সংগঠনক উৎসাহিত কৰিলে হাগ্রামা মহিলাৰী জে’ললৈ যাব লাগিব বুলি সকীয়নি দিছিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ পাছতে নির্বাচন আয়োগত অভিযোগ দাখিল কৰিছিল কংগ্রেছ দলে৷ কংগ্রেছৰ অভিযোগৰ ভিত্তিতে আয়োগে মন্ত্রী ড০ শর্মাক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল৷ এই জাননীৰ প্রত্যুত্তৰত মন্ত্রীগৰাকীয়ে দিয়া পত্রত হাগ্রামা মহিলাৰী আৰু নতুন উগ্রপন্থী সংগঠনৰ মাজত থকা গোপন সম্পর্ক স্পষ্ট ৰূপত প্রকাশ পাইছে৷ মন্ত্রী ড০ শর্মাই পত্রখনৰ আৰম্ভণিতে উল্লেখ কৰিছে কোকৰাঝাৰ জিলাত অস্ত্র–শস্ত্র জব্দ হোৱাৰ এটা ঘটনা৷

এই ঘটনাৰ বিৱৰণী অনুসৰি, বিগত ২ ফেব্রুৱাৰীত কোকৰাঝাৰ আৰক্ষীয়ে চৰাইবিল সীমান্ত আৰক্ষী চকীৰ অন্তর্গত নচৰাইবিল অঞ্চলত অস্ত্র–শস্ত্রসহ জব্দ কৰিছিল এখন স্ক’ৰপি’ বাহন৷ বাহনখনত থকা সোমঞ্জয় বসুমতাৰী ওৰফে বগলা, ৰবিনাথ নার্জাৰী ওৰফে গনদা, ফুংকা বসুমতাৰী ওৰফে লংখু, মকটাং বসুমতাৰী ওৰফে মামো, মণিপাল মুছাহাৰী আৰু স্বমকৰ বসুমতাৰী নামৰ লোককেইজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছিল ৫টা এ কে–৫৬ ৰাইফল, ৮টা এ কে–৫৬ ৰাইফলৰ মেগজিন, ৮টা চাইনিজ গ্রেনেডসহ বহু বিস্ফোৰক সামগ্রী৷ একেখন বাহনৰ পৰাই জব্দ কৰা হৈছিল কম্বল, প্লাষ্টিক টেণ্ট, বুলেট প্রুফ জেকেট, টুথপেষ্ট আদিৰ লগতে আন বহু সামগ্রীও৷ ইয়াৰ পাছতে চৰাইবিল সীমান্ত আৰক্ষী চকীত কর্মৰত মহেশ্বৰ বর্মনৰ এজাহাৰৰ ভিত্তিত গোসাঁইগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৩৫৩/৩০৭ আৰু সশস্ত্র আইনৰ আৰ/ডব্লিউ ২৫(এ) ধাৰাৰ অধীনত ৰুজু কৰা হয় ৫১/২০২১নং এটা গোচৰ৷

গোচৰটোৰ তদন্ত আৰম্ভ কৰিয়েই কোকৰাঝাৰ আৰক্ষী স্তম্ভিত হৈ পৰে৷ কিয়নো এই অস্ত্র–শস্ত্রসমূহ সৰবৰাহ কৰা হৈছিল এটা নতুন সশস্ত্র উগ্রপন্থী সংগঠন গঠনৰ বাবে৷ ধৃত যুৱককেইজনে যমদুৱাৰ–চৰাইবিল অঞ্চলত শিবিৰ স্থাপন কৰি সশস্ত্র কার্যকলাপ আৰম্ভ কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল৷ তেওঁলোকৰ মূল লক্ষ্য আছিল ২০২১ চনৰ বিধানসভা নির্বাচন ৰক্তাক্ত কৰি তোলা৷ তাতোকৈ ভয়ানক কথাটো হ’ল অস্ত্র–শস্ত্রসহ গ্রেপ্তাৰ হোৱা লোককেইজনে সম্পর্ক ৰক্ষা কৰিছিল এটা ৰাজনৈতিক দলৰ লগত৷ যি দলৰ নেতৃত্বত আছে ২০০২ চনৰ পূর্বে সশস্ত্র সংগঠনক নেতৃত্ব দিয়া ব্যক্তি৷ জব্দ হোৱা এ এছ–১৬ এ–৪১৬৫ নম্বৰৰ স্ক’ৰপি’খনৰ গৰাকী গজেন্দ্র দৈমাৰীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁ বিগত ১৭ বছৰ ধৰি বি পি এফ দলৰ টেঙাপাৰাৰ কার্যালয়ৰ কার্যালয় সম্পাদক হিচাপে কর্মৰত হৈ আছে৷ যোৱা ২৫ জানুৱাৰীত সোমঞ্জয় বসুমতাৰী নামৰ লোকজন তেওঁৰ ওচৰলৈ আহি কয় যে হাগ্রামা মহিলাৰীয়ে এখন গাড়ী যোগান ধৰিবলৈ কৈছে৷ সেই মতে ‘চীফ ছাৰ’ৰ কথা মতে গজেন্দ্র দৈমাৰীয়ে তেওঁৰ স্ক’ৰপি’ গাড়ীখন সোমঞ্জয় বসুমতাৰীক দি দিয়ে৷ গাড়ীখন কি কামত ব্যৱহাৰ কৰা হৈছে, সেই বিষয়ে তেওঁ অৱগত নহয়৷

ইয়াৰ পূর্বে এই গাড়ীখনৰ গৰাকী আছিল সোমনাথ বসুমতাৰী৷ ১২ জানুৱাৰীৰ দিনাহে গজেন্দ্র দৈমাৰীৰ নামত পঞ্জীয়ন কৰা হয়৷ ইফালে, গাড়ীখনৰ চালকৰ ম’বাইল ফোনৰ পৰা ‘চীফ ছাৰ’লৈ ঘনে ঘনে হোৱাটছএপ কল যোৱাৰ তথ্যও আৰক্ষীৰ হাতত আহি পৰে৷ যিহেতু অসম, পশ্চিমবংগ আৰু ভাৰত–ভূটান সীমান্তত নতুন বিদ্রোহী সংগঠনৰ কুচকাৱাজ চলিছে, সেয়েহে বিষয়টোক যথেষ্ট গুৰুত্ব সহকাৰে লয় কোকৰাঝাৰ আৰক্ষীয়ে৷ ১০ ফেব্রুৱাৰীত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকে ডি জি পিলৈ প্রেৰণ কৰা ‘কেজিআৰ/ক্রাইম/এনআইএ/২০২১/১১৯১’নং পত্রখনত উক্ত গোচৰটোৰ তদন্তৰ দায়িত্ব এন আই এক হস্তান্তৰৰ বাবে অনুৰোধ জনায়৷ একেই আর্জিৰে গৃহ বিভাগৰ আয়ুক্ত সচিবলৈ জি/১১/কেজিআৰ/৬৫/২০১৭/১৯৯নং পত্রখন প্রেৰণ কৰিছিল আইন–শৃংখলাৰ মহাপৰিদর্শকে৷ ৰাজ্য অস্থিৰ কৰিবলৈ চলা এই ভয়ংকৰ ষড়যন্ত্র পোহৰলৈ আহিছে মন্ত্রী ড০ শর্মাই নির্বাচন আয়োগক দিয়া পত্রৰ জৰিয়তে৷ স্বাভাৱিকতে হাগ্রামা মহিলাৰী আৰু উগ্রপন্থী সংগঠনৰ মাজৰ যোগসূত্রই ভয়ংকৰ দিনৰ অশুভ সংকেত কঢ়িয়াই আনিছে৷

RELATED ARTICLES