peepl-small

গুৱাহাটীবাসীয়ে ছমাহতে পাব পাইপেৰে ৰন্ধন গেছ

PUBLISHED:

গুৱাহাটীঃ অহা ছমাহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ পাইপ লাইনৰ জৰিয়তে ঘৰে ঘৰে গেছ যোগান ধৰা হ’ব৷ এই ঘোষণা ডিএনপি লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামীৰ৷ গুৱাহাটীৰ দিছপুৰস্থিত এই প্রতিষ্ঠানটোৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অধ্যক্ষ গোস্বামীয়ে কয় যে প্রথম অৱস্থাত গুৱাহাটীৰ ছয়মাইল, ভিআইপি আৰু নুনমাটি অঞ্চলত ঘৰে ঘৰে গেছৰ পাইপৰ সংযোগ স্থাপন কৰি গেছ যোগান ধৰা হ’ব৷ ইয়াৰ বাবে সংশ্লিষ্ট অঞ্চলসমূহত পাইপ লাইন স্থাপনৰ কাম ক্ষিপ্র গতিত চলি আছে৷ কামৰূপ (ম) জিলা আৰু কামৰূপ জিলাত ৩.২১ লাখ লোকৰ ঘৰত গেছ যোগান ধৰা হ’ব৷ ঘৰে ঘৰে গেছ যোগান ধৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৬,০০০ কোটি টকা মোকলাই দিছে৷ পাইপ লাইনৰ জৰিয়তে ঘৰে ঘৰে গেছ যোগান ধৰাৰ বাবে ইতিমধ্যে পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেড গঠন কৰা গৈছে৷

সংবাদ মেলত অধ্যক্ষগৰাকীয়ে লগতে কয়– অইল, এনআৰএল, ডিএনপি লিমিটেডৰ যৌথ প্রচেষ্টাত ৰাইজক গেছ যোগান ধৰা হ’ব৷ পাইপেৰে ঘৰে ঘৰে গেছ যোগানৰ বাবে পাইপ লাইন স্থাপন আৰু সংস্থাপনৰ কাম সম্পূর্ণ হ’লে পৰৱর্তী সময়ত উদ্যোগ খণ্ড ইয়াৰ দ্বাৰা লাভান্বিত হ’ব৷ তদুপৰি ৰাইজে পাইপ লাইনেৰে গেছ ব্যৱহাৰ কৰাৰ ফলত যথেষ্ট পৰিমাণে প্রদূষণ হ্রাস পাব৷ ইফালে, ‘গেইলে’ বাৰাউনীৰ পৰা গুৱাহাটীলৈ পাইপ লাইন স্থাপনৰ কাম কৰি আছে আৰু কাম সম্পূর্ণ হ’লে আমি বিদেশৰ পৰাও গেছ ক্রয় কৰিবলৈ সক্ষম হ’ম৷ আনহাতে, দুলীয়াজানৰ পৰা নগাঁৱলৈ পাইপ স্থাপনৰ কাম সম্প্রসাৰণ কৰা হৈছে বুলিও উল্লেখ কৰে ৰূপম গোস্বামীয়ে৷ তেওঁ লগতে কয় যে পৰৱর্তী সময়ত নগাঁৱৰ পৰা বৰাকলৈ গেছ পৰিবাহী পাইপ স্থাপন কৰা হ’ব৷ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ডিএনপি লিমিটেডে ২০১৯–২০ বিত্তীয় বর্ষত প্রায় ৮৫.১৫ কোটি টকাৰ ৰাজহ আহৰণ কৰিবলৈ সক্ষম হৈছে৷ উক্ত বর্ষত কৰ প্রদানৰ পাছত প্রায় ৩৫.৪২ কোটি টকা লাভ কৰিছে এই প্রতিষ্ঠানটোৱে৷ যোৱা ৩১ মার্চত অন্ত পৰা উক্ত বিত্তীয় বর্ষত কোম্পানীয়ে ইয়াৰ শ্বেয়াৰসমূহক ৯.৪০ শতাংশ হাৰত লাভাংশ আগবঢ়াইছে৷

মূলতঃ দুলীয়াজানৰ পৰা নুমলীগড় তেল শোধনাগাৰলৈ প্রাকৃতিক গেছৰ পৰিবহণ ব্যৱস্থাটোৰ সৈতে জড়িত ডিএনপি লিমিটেডে ২০১৪–১৫ বর্ষৰ পৰা সামাজিক দায়বদ্ধতা আঁচনিৰ বিভিন্ন কাম–কাজসমূহৰ সৈতেও জড়িত হৈ আহিছে৷ ২০১৯–২০ বিত্তীয় বর্ষত সামাজিক দায়বদ্ধতা আঁচনিৰ কোম্পানীটোৱে প্রায় ১.৫ কোটি টকা খৰচ কৰিছে৷ অনাগত দিনত অধিক লাভ আহৰণ কৰি কোম্পানীটোৱে ৰাইজৰ সেৱা কৰি যাব বুলিও মন্তব্য কৰে ৰূপম গোস্বামীয়ে৷ সংবাদ মেলত ডিএনপি লিমিটেডৰ সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া গকুল স্বর্গীয়াৰীয়ে কয়– অসমত গেছৰ অভাৱ নাই৷ ইতিমধ্যে শিলচৰৰ সোণাই অঞ্চলত ৩০০টা ঘৰত পাইপেৰে ৰন্ধন গেছ যোগান ধৰা হৈছে৷ তাত অচিৰেই আৰু ৬০০ মানুহৰ ঘৰত গেছ পাইপেৰে যোগান ধৰা হ’ব৷

আনহাতে, অহা আঠ বছৰত গুৱাহাটীত ৫১টা আৰু বৰাকত ২১টা চিএনজি ষ্টেচন স্থাপন কৰা হ’ব৷ চিএনজি ব্যৱহাৰ কৰি এছটিচি বাছ চলোৱা হ’ব৷ অসমত মুঠ ২১টা চিএনজি ষ্টেচন স্থাপন কৰা হ’ব৷ চিএনজি ব্যৱহাৰ কৰি পেট্র’লৰ সমান খৰচতে গাড়ীৰ গৰাকীয়ে দুগুণ ‘মাইলেজ’ পাব৷ আনহাতে, অসমৰ চাহ বাগান অঞ্চলতো ঘৰে ঘৰে পাইপেৰে গেছ যোগানৰ চিন্তা–চর্চা কৰা বুলি উল্লেখ কৰি গকুল স্বর্গীয়াৰীয়ে কয় যে অহা ৩ বছৰত উজনি অসমত ১ লাখ গেছৰ সংযোগ দিয়া হ’ব৷ উল্লেখ্য যে ৰূপম গোস্বামীৰ অধ্যক্ষতাত ডিএনপি লিমিটেডৰ ত্রয়োদশ বার্ষিক সাধাৰণ সভাখন কালি প্রতিষ্ঠানটোৰ কার্যালয়ত অনুষ্ঠিত হৈ যায়৷

RELATED ARTICLES