peepl-small

গুৱাহাটীৰ চাৰি সমষ্টি দখল কৰিবলৈ শাসক–বিৰোধীৰ তৎপৰতা

PUBLISHED:

গুৱাহাটী:  কামৰূপ মহানগৰ জিলাৰ চাৰি সমষ্টি দখলৰ বাবে উঠিপৰি লাগিছে বিজেপি মিত্রজোঁট, কংগ্রেছ মহাজোঁটকে ধৰি অন্যান্য প্রার্থীসকলে৷ অহা ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযানৰ আজি অন্তিম দিনা গুৱাহাটীৰ চাৰি সমষ্টিৰ বিজেপি মিত্রজোঁট আৰু কংগ্রেছ মহাজোঁটৰ প্রার্থীয়ে হাজাৰ হাজাৰ সমর্থকক লগত লৈ নির্বাচনী প্রচাৰ চলায়৷ গুৱাহাটীৰ চাৰিটা সমষ্টিৰ ভিতৰত পশ্চিম গুৱাহাটী সমষ্টিত আকর্ষণীয় হৈ পৰিছে নির্বাচনী যুঁজ৷ সমষ্টিটোত এইবাৰ বিজেপি মিত্রজোঁটৰ অগপ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাক তীব্র প্রত্যাহ্বান জনাইছে প্রাক্তন বিজেপি নেত্রী তথা কংগ্রেছ মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে৷ মনোনয়ন পত্র দাখিলৰ পাছৰে পৰা দিন–ৰাতি একাকাৰ কৰি মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতা আৰু মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে নির্বাচনী প্রচাৰ চলাই ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ মিত্রজোঁট আৰু মহাজোঁটৰ প্রার্থী দুগৰাকীৰ হৈ বিজেপি আৰু কংগ্রেছৰ শীর্ষ নেতৃত্বই সমষ্টিটোত প্রচাৰ চলাইছে৷

প্রচাৰৰ অন্তিম দিনা মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাৰ দুর্গ কঁপাই মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰে গড়চুকৰ পৰা শান্তিপুৰলৈ হাজাৰ হাজাৰ সমর্থকক লগত লৈ পদযাত্রাৰে নির্বাচনী প্রচাৰ চলায়৷ গড়চুকৰ পৰা উলিওৱা এই পদযাত্রাত চত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল, সাংসদ প্রদ্যুৎ বৰদলৈ, বিধায়ক ৰূপজ্যোতি কুর্মীকে ধৰি কেইবাগৰাকীও শীর্ষ কংগ্রেছ নেতাই অংশগ্রহণ কৰে৷ পদযাত্রাৰ সময়ছোৱাত বিভিন্ন স্থানত ৰাইজে মীৰা বৰঠাকুৰ গোস্বামীক বিপুল আদৰণি জনায়৷ পদযাত্রা কার্যসূচীত অংশ লৈ সাংসদ প্রদ্যুৎ বৰদলৈয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ উন্নয়নৰ বাবে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ ২৫ বছৰীয়া ব্যর্থতাৰ বিৰুদ্ধে ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ সাংসদ বৰদলৈয়ে লগতে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ ব্যর্থতাক ক্ষুৰধাৰ সমালোচনা কৰি অসমৰ অগ্ণিকন্যা ৰূপে খ্যাত মীৰা বৰঠাকুৰ গোস্বামীক সমষ্টিটোৰ সর্বাংগীণ উন্নতিৰ বাবে জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়৷

ইফালে, দেওবাৰে সমষ্টিটোত ৰমেন্দ্র নাৰায়ণ কলিতাই ধাৰাপুৰ, দক্ষিণ মির্জাপুৰ নামঘৰ, মজলি নতুন মছজিদ, ঢ়পৰতল নামঘৰ, বৈশ্যপাৰা নামঘৰ, কোচপাৰা নামঘৰ, ধাৰাপুৰ মাজৰবাহাৰ নামঘৰ, বড়িপাৰা নামঘৰ, জংগীবড়ি, ভৱানীপাৰা, সৰস্বতীপাৰা, নপাৰা, কেহুৰিপাৰা আৰু হাওৰাপাৰা নামঘৰত প্রচাৰ অভিযান চলায়৷ বিধায়ক কলিতাই প্রচাৰ অভিযানত ৰাইজৰ সৈতে মত বিনিময় কৰি সমষ্টিটোৰ উন্নয়নৰ বাবে তেওঁক জয়ী কৰাবলৈ ৰাইজক অনুৰোধ জনায়৷

একেদৰে পূব গুৱাহাটী সমষ্টিতো মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই লাচিত নগৰ, ৰূপনগৰত নির্বাচনী প্রচাৰ চলোৱাৰ লগতে ১৮টা সৰু সৰু গোটত দলীয় কর্মী আৰু সমর্থকে সমষ্টিটোত ঘৰে ঘৰে গৈ প্রচাৰ অভিযান চলায়৷ মন্ত্রী ভট্টাচার্যই জানিবলৈ দিয়া মতে, কালিয়েই তেওঁ প্রচাৰ অভিযানৰ সামৰণি মাৰিছিল৷ আজি আনুষ্ঠানিকতাহে সম্পূর্ণ কৰিছে৷ পূব গুৱাহাটী সমষ্টি তথা গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নৰ বাবে এইবাৰ পুনৰ মন্ত্রী ভট্টাচার্যক সমষ্টিবাসী ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলি তেওঁ আশা প্রকাশ কৰে৷

আনহাতে, দিছপুৰ সমষ্টিতো বিজেপি মিত্রজোঁটৰ প্রার্থী অতুল বৰাই সমষ্টিটোৰ কেইবাটাও স্থানত নির্বাচনী প্রচাৰ চলায়৷ বিধায়ক বৰাই এইবাৰ পুনৰ দিছপুৰবাসী ৰাইজে অভিলেখসংখ্যক ভোটত জয়ী কৰাব বুলি দাবী কৰে৷ একেদৰে মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তয়ো প্রচাৰৰ অন্তিম দিনা সমষ্টিটোৰ বিভিন্ন স্থানত নির্বাচনী প্রচাৰ চলায়৷ লক্ষণীয় যে ৰাজনৈতিক সমীক্ষকসকলৰ মতে জালুকবাৰী সমষ্টিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অভিলেখসংখ্যক ভোটত জয়ী হ’ব বুলি মন্তব্য কৰিছে৷ পশ্চিম গুৱাহাটী সমষ্টিত এইবাৰ বিজেপি মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতা আৰু মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীৰ মাজতেই মূল যুঁজখন সীমাবদ্ধ থাকিব৷ প্রতিষ্ঠানবিৰোধী ঢ়ৌ আৰু সমষ্টিৰ উন্নয়নমূলক কাম–কাজ কৰাত ব্যর্থ হোৱাৰ বাবেই বিধায়ক কলিতা এইবাৰ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ পূব গুৱাহাটী সমষ্টিতো মূল যুঁজখন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু অসীমা বৰদলৈৰ মাজতে সীমাবদ্ধ থাকিব৷ একেদৰে দিছপুৰ সমষ্টিৰ মূল যুঁজখন অতুল বৰা আৰু মনজিৎ মহন্তৰ মাজতে সীমাবদ্ধ থাকিব যদিও সমষ্টিটোত অতুল বৰাৰ জয়ৰ সম্ভাৱনাই অধিক৷ অৱশ্যে অহা ২ মে’ত এই চাৰিটা সমষ্টিত কোন প্রার্থী জয়ী হ’ব সেয়া স্পষ্ট হ’ব৷

RELATED ARTICLES