peepl-small

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নির্দেশনাঃ হাস্পতালৰ চিচি টিভি কেমেৰা সংযোগ কৰিব লাগিব থানাৰে

PUBLISHED:

কর্তব্যৰত চিকিৎসকক প্রহাৰৰ ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছতে চিকিৎসালয়সমূহত চিকিৎসা কর্মীসকলৰ সুৰক্ষাক লৈ অৱতাৰণা হৈছিল প্রশ্ণৰ৷ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নির্দেশনা আৰু এই সন্দর্ভত যাৱতীয় আইন বলৱৎ হৈ থকাৰ পাছতো হাস্পতালসমূহত চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে অসুৰক্ষিত হিচাপে বিবেচিত হোৱাক লৈ চলি আহিছে সৰৱ চর্চাও৷ ইয়াৰ মাজতে হাস্পতালসমূহত স্থাপন কৰা চিচি টিভি স্থানীয় আৰক্ষী থানাৰ সৈতে সংযোজিত কৰাৰ প্রয়োজনীয়তা আছে বুলি উল্লেখ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

চিকিৎসকক আক্রমণৰ ঘটনা সন্দর্ভত ৰুজু হোৱা ৩৩/২০২১ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানসৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে কয় যে হাস্পতালসমূহত চিচি টিভি সংস্থাপন কৰাটোৱেই যথেষ্ট নহয়৷ বৰঞ্চ এই চিচি টিভিসমূহ হাস্পতালসমূহৰ নিকটৱর্তী থানাৰ সৈতে সংযোজিত কৰাটো অত্যন্ত প্রয়োজনীয়৷

সেয়েহে ১০ দিনৰ ভিতৰত এইক্ষেত্রত কিধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে, সেয়া অৱগত কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ গোচৰটোৰ পৰৱর্তী শুনানি অহা ১৬ আগষ্টত গ্রহণ কৰিব৷ ইপিনে গোচৰটোৰ শুনানি কালত ৰাজ্য চৰকাৰে অৱগত কৰে যে চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিলা হাস্পতালসমূহৰ অধিকাংশতে স্থাপন কৰা হৈছে চিচি টিভি৷ অৱশ্যে কিছুসংখ্যক চৰকাৰী হাস্পতাল, মডেল হাস্পতালত এতিয়াও স্থাপন কৰা হোৱা নাই চিচি টিভি কেমেৰা৷

উল্লেখ্য যে হোজাইত ক’ভিড চিকিৎসাত কর্মৰত ডাঃ সেউজ সেনাপতি নামৰ এগৰাকী চিকিৎসকক উন্মত্ত একাংশ লোকে প্রহাৰ কৰা ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি কৰিছিল৷ এই ঘটনাত চিকিৎসক সেনাপতি গুৰুতৰভাৱে আহত হোৱাৰ পাছতে চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ সুৰক্ষাক লৈ সৰৱ হৈ পৰিছিল ৰাজ্যৰ চিকিৎসক সমাজ৷ সেই সময়ত চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে প্রতিবাদো সাব্যস্ত কৰিছিল৷

RELATED ARTICLES