ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত মৃত্যু হোৱা লোকৰ চিতা শাৰী শাৰীকৈ জ্বলিছে মহানগৰীৰ শ্মশানত৷ ১ এপ্রিলৰ পৰা ২৫ মে’লৈকে মুঠ ১,১৪০গৰাকী লোকৰ মৃতদেহ ক’ভিড বিধি অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে ভূতনাথ শ্মশান, উলুবাৰী শ্মশানত সৎকাৰ কৰাৰ উপৰি আঠগাঁও আৰু শৰণীয়া কবৰস্থানত জানাজা সম্পন্ন কৰিছে৷
কেৱল গুৱাহাটী মহানগৰীতে এপ্রিল মাহত ক’ৰোনাত মৃত্যু হোৱা ২২৭গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷ মে’ মাহৰ ২৫ তাৰিখলৈকে কামৰূপ মহানগৰ জিলা প্রশাসনে সর্বাধিক ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পূর্বে চলিত বর্ষৰ জানুৱাৰী মাহত ক’ৰোনাত আক্রান্ত ৮গৰাকী, ফেব্রুৱাৰী মাহত ৫গৰাকী, মার্চ মাহত ৩গৰাকী লোকৰ মৃতদেহ মহানগৰ জিলা প্রশাসনে সৎকাৰ কৰিছে৷
গুৱাহাটীত ক’ৰোনাত আক্রান্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰ জিলা প্রশাসনে বশিষ্ঠ আৰু বতাহঘুলি শ্মশানত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিছে৷ কিন্তু এতিয়ালৈকে এই শ্মশান দুখন ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷ মহানগৰ জিলা প্রশাসনৰ বিষয়া–কর্মচাৰীয়ে ক’ভিড বিধি অনুসৰি মৃত্যু হোৱা লোকৰ সৎকাৰ কৰি আহিছে৷ উল্লেখনীয় যে বিগত বর্ষৰ মার্চ মাহৰ পৰা চলিত বর্ষৰ মে’ মাহলৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা দুহাজাৰৰো অধিক লোকৰ মৃতদেহ কামৰূপ মহানগৰ জিলা প্রশাসনে সৎকাৰ কৰিছে৷