peepl-small

দীর্ঘদিন বিৰতিৰ পিছত দর্শনার্থীৰ বাবে মুকলি ‘একোলেণ্ড’

PUBLISHED:

গুৱাহাটীঃ  মহানগৰীৰ দদাতি কাষৰীয়া ৰাণী পাটগাঁওস্থিত ‘একোলেণ্ড’ পুনৰ মুকলি কৰা হ’ল৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সময়ছোৱাত যোৱা মার্চ মাহৰ পৰা বন্ধ হৈ পৰা একোলেণ্ডত প্রায় ডেৰ শতাধিক কর্মচাৰীয়ে হাহকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷

আনহাতে, একোলেণ্ডৰ ভিতৰত ব্যৱহূত সা–সামগ্রী আৰু পানীভাগ ব্যৱহাৰত বিজ্ঞানসন্মত নিয়ম মানি নচলাৰ অভিযোগ আছিল৷ যাৰ বাবে প্রশাসনেও কিছু দিনলৈ বন্ধ ৰাখিবলৈ নির্দেশ দিছিল৷ পৰিণতিত প্রায় এবছৰ বন্ধ হৈ থকাৰ পিছত পুনৰ মুকলি হ’ল মনোৰঞ্জনৰ এই একোলেণ্ড৷ ডেৰ শতাধিক নিয়োজিত কর্মচাৰীৰ মাজত পানীত হঁাহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল৷

অৱশেষত দুদিন পূর্বে মুকলি হোৱা একোলেণ্ডৰ আসোঁৱাহসমূহ বিজ্ঞানসন্মতভাৱে সজাই–পৰাই তোলাৰ চেষ্টা কৰা বুলি জানিবলৈ দিলে একোলেণ্ড কর্তৃপক্ষই৷ মুকলি কৰাৰ খবৰ পায়েই বিভিন্ন প্রান্তৰ লোকসকল আহি ভিৰ কৰিলে একোলেণ্ড পার্কত৷ একোলেণ্ডত ছুইমিং পুল, ছবিগৃহ, কাঁচঘৰ, খেল–ধূলা, প্রাকৃতিক দৃশ্য আদি বিভিন্ন আমোদজনক সামগ্রীয়ে শিশুৰ পৰা পুৰুষ–মহিলাসকলৰ্ মন আপ্লুত কৰিব৷

বিগত সময়ছোৱাত গ্রীষ্মকালীন সময়ছোৱাত একোলেণ্ড পার্কত সকলোৱে আহি ভিৰ কৰে বুলি একোলেণ্ড কর্তৃপক্ষই জানিবলৈ দিয়ে৷ আনহাতে, বিগত বছৰত ক’ৰোনা মহামাৰীৰ ফলত সমগ্র ৰাজ্যত লকডাউন হোৱাৰ পৰিপ্রেক্ষিতত সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু বর্তমান পৰিস্থিতি স্বাভাৱিক হোৱাত এনেদৰে ৰাণীস্থিত একোলেণ্ড পার্কত পৰিয়ালৰ সৈতে সময় কটাই আনন্দিত হোৱা বুলিও উল্লেখ কৰে৷

দুদিন পূর্বে নতুনকৈ সজাই–পৰাই লোৱা সম্পূর্ণ ক’ভিড প্রট’কল নিয়ম মানি মুকলি কৰা একোলেণ্ড পার্কত দর্শনার্থী নিচেই তাকৰ যদিও পিছলৈ দর্শনার্থীৰ সংখ্যা বাঢ়িব বুলি উল্লেখ কৰে একোলেণ্ড কর্তৃপক্ষই৷

RELATED ARTICLES