peepl-small

চিৰযৌৱনা জালুকবাৰীত প্রকৃতিয়ে পাতিছে সৌন্দর্যৰ মেলাঃ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ফুলিছে এজাৰ, কৃষ্ণচূডা, ৰাধাচূডা, সোণাৰু

PUBLISHED:

গুৱাহাটীঃ  দেশজুৰি এতিয়া ক’ভিড মহামাৰীৰ আতংক৷ চাৰিওফালে কেৱল মৃত্যুৰ কিৰীলি৷ কিন্তু তাৰ মাজতো প্রকৃতিয়ে স্বমহিমাৰে নিজৰ ৰূপ ধাৰণ কৰিছে৷ আনকি লকডাউনসদৃশ পৰিস্থিতিৰ বাবে মানুহ নামধাৰী প্রাণীবিধৰ বাহিৰে বাকী সকলো কুশলে আছে৷ বৰঞ্চ আন আন জীৱকুল আৰু উদ্ভিদকুলক লকডাউন সদৃশ পৰিস্থিতিয়ে সহায়হে কৰিছে৷ যান–বাহনৰ চলাচল বহুখিনি কমি যোৱাত কার্বন–ডাই–ক্সাইডৰ্ নির্গমনো কমি গৈছে৷ ফলত সকাহ পাইছে প্রকৃতিয়ে আৰু ইয়াৰ ফলত বিগত দিনকেইটাত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে চাৰিওফালে ফলে–ফুলে জাতিষ্কাৰ হৈ পৰিছে৷

ইফালে কৃষ্ণচূডাৰ দেশ হিচাপে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত যেন এতিয়া প্রকৃতিয়ে সৌন্দর্যৰ পোহাৰ মেলিছে৷ চৌহদত লহপহকৈ ফুলি উঠিছে এজাৰ, কৃষ্ণচূডা, ৰাধাচূডা, সোণাৰুকে ধৰি নানা তৰহৰ ৰঙীন ফুল৷ ৰঙীন প্রকৃতিয়ে হাত বাউল দি মাতিছে প্রকৃতিপ্রেমীক৷ কিন্তু উপভোগ কৰোঁতাহে কোনো নাই৷ কিয়নো, ক’ভিড মহামাৰীৰ বাবে আন আন শিক্ষানুষ্ঠানৰ দৰে বিগত প্রায় ডেৰ মাহ ধৰি বন্ধ হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান৷ চৌহদত এতিয়া নিমাওমাও পৰিৱেশ আৰু তাৰ মাজতে চাৰিওফালে কেৱল প্রকৃতিৰ সৌন্দর্যৰ মেলা৷

চৌহদৰ মাজেৰে যোৱা জালুকবাৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্রৰ পৰা সাতমাইললৈকে প্রায় দুই কিঃমিঃ দৈর্ঘ্যৰ পথছোৱাৰ দুয়োফালে ফুলি আছে এজাৰ, কৃষ্ণচূডা, ৰাধাচূডা, সোণাৰুকে ধৰি চিনাকি–চিনাকি নানা তৰহৰ ফুল৷ বিগত বর্ষতো এই সময়ছোৱাত দেশজুৰি চলি থকা সম্পূর্ণ লকডাউনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ হৈ আছিল৷ ইফালে ফলে–ফুলে জাতিষ্কাৰ হৈ অপৰূপ সৌন্দর্যৰ পোহাৰ মেলি এক নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰা আৰু বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনত অৱশ্যে যিসকল লোক শিক্ষকতা বা চাকৰি কৰাৰ সূত্রে চৌহদৰ আৱাসী হৈ আছে তেওঁলোক ভাগ্যৱান বুলি বিবেচিত হৈছে৷ কিয়নো, তেওঁলোকেহে বিনাদ্বিধাই মুক্তমনে প্রকৃতিৰ নয়নাভিৰাম দৃশ্য উপভোগ বা ৰূপসুধা পান কৰিবলৈ সক্ষম হৈছে৷

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ তৰণী ডেকা আৰু তেওঁৰ সহধর্মিণী তথা শিক্ষাসেৱী আৰু গডলৰ ৱণ্ডাৰ কিডছ নামৰ শিশু শিক্ষা প্রতিষ্ঠানৰ প্রতিষ্ঠাপক অধ্যক্ষ অজন্তা শর্মা ডেকাই এই সন্দর্ভত কয়– ক’ভিডসৃষ্ট এই হতাশাগ্রস্ত পৰিৱেশৰ মাজতে প্রকৃতিয়ে এতিয়া জুৰিছে হেঁপাহৰ গান, সলনি কৰিছে একাংশ মানুহৰ কৃত্রিমতা, নতুন চিন্তা–সৃষ্টিৰ এনাজৰী বান্ধি সকলোকে মাতিছে হাতবাউলি সেউজীয়াৰ দেশলৈ৷

উল্লেখযোগ্য যে অজন্তা শর্মা ডেকা আৰু তেওঁৰ দশম শ্রেণীত পঢ়ি থকা জীয়ৰী প্রিন্সিৰ সৈতে নয়নাভিৰাম সৌন্দর্যৰ মাজতে ১৫ দিনৰো অধিক দিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অনাই–বনাই ঘূৰি ফুৰা কুকুৰ–মেকুৰীসমূহক ভাত, বিস্কুটকে ধৰি বিভিন্ন খাদ্যসামগ্রী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে৷

RELATED ARTICLES