peepl-small

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাষ চাপিল মহাজোঁটঃ কি ক’লে ৰিপুণ বৰাই?

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছকে ধৰি মহাজোঁটৰ অংশীদাৰী দলসমূহ। আজি এই সম্পৰ্কে জানিবলৈ দিয়ে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। ৰাজ্যিক নিৰ্বাচন আয়োগক মহাজোঁটে আগন্তুক ২ মে’ত হ’বলগীয়া ভোটগণনাৰ ক্ষেত্ৰত  কেইবাটাও দিশ কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনায় এক স্মাৰকপত্ৰ প্ৰদান কৰে। নিৰ্বাচন আয়োগৰ ওচৰত মহাজোঁটে নিম্নোক্ত বিষয়সমূহ কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনায়-

  • প্ৰতিজন ৰিটাৰ্নিং বিষয়াই তেওঁৰ অধীনত পৰা ভোটগণনা কেন্দ্ৰত ভোটগণনাৰ টেবুলত নিৱিষ্ট চৰকাৰী কৰ্মচাৰীৰ নাম তালিকা সমষ্টিৰ প্ৰাৰ্থীক জনাব লাগে।
  • উপায়ুক্ত, মহকুমাধিপতি আৰু ৰিটাৰ্নিং বিষয়াক ষ্ট্ৰংৰুমৰ পৰা ইভিএম উলিয়াই ভোটকেন্দ্ৰলৈ অনালৈ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগে।
  • ভোটগণনা চলি থকা প্ৰতিখন টেবুলৰ ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগে।
  • ষ্ট্ৰংৰুমৰ পৰা ইভিএম উলিয়াই অনাৰ সময়ত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে প্ৰক্ষেপ কৰা এগৰাকীকৈ প্ৰতিনিধিক পৰিদৰ্শনৰ অনুমতি প্ৰদান কৰা।
  • ইভিএমৰ বাহিৰৰ ভোট যেনে পোষ্টেল বেলট, এবচেণ্টি ভোট, ইলেকচন চাৰ্টিফিকেটৰ ভোটগণনা ইভিএমৰ ভোটগণনাৰ আগেয়ে কৰিব লাগে।
  • ৰিটাৰ্নিং বিষয়াই প্ৰতিগৰাকী নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীকে পোষ্টেল বেলট, এবচেণ্টি ভোট আৰু ইলেকচন চাৰ্টিফিকেটৰ পৰিমাণ আৰু সংগৃহিত ভোটৰ সবিশেষ তথ্য জনাব লাগে।
  • ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰথমটো ৰাউণ্ড শেষ হোৱাৰ পিছত ইয়াক ৰেকৰ্ডিং তথা ফলাফল ঘোষণা সম্পূৰ্ণ হোৱাৰ পিছতহে ভোটগণনাৰ দ্বিতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

উল্লেখ্য, ২ মে’ত অসম বিধান সভাৰ নিৰ্বাচনী ফলাফলক লৈ সকলোৱে অধীৰ অপেক্ষাত ৰৈ আছে। এনে সময়তে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ইভিএমৰ সুৰক্ষা তথা নিকা ভোটগণনাক লৈ সজাগ হৈ থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES