peepl-small

অসমৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে ২৪ ঘণ্টাই কাম কৰি যাবঃ মুখ্যমন্ত্ৰী

PUBLISHED:

গুৱাহাটীঃ ক’ভিড প্রট’কলেৰে আৰম্ভ হোৱা বিধানসভাৰ পঞ্চদশ অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন। আজি নিৰ্বাচিত হৈ অহা প্ৰতিগৰাকী বিধায়কক অভিনন্দন আৰু আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

সদনত নিজৰ ব্যক্তব্য দাঙি ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিক প্ৰাণ দিছিলে, ঐতিহ্য দিছিলে। জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে দিনটোৰ ২৪ ঘণ্টাই কাম কৰি যাব।

ইপিনে ক’ভিড-১৯ ৰ বিৰুদ্ধে অসমৰ যুঁজ অতুলনীয় আৰু ইয়াক আন কোনো ৰাজ্যৰ সৈতে তুলনা কৰিব নোৱাৰি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ঝাৰখণ্ড আৰু তেলেংগানাৰ দৰে আন ৰাজ্যলৈ ৰেমডেচিভিৰকে ধৰি ঔষধ যোগান ধৰা হৈছে। লগতে উত্তৰ পূৱৰ আন ৭খনকৈ ৰাজ্যক প্ৰতিদিনে অসমে অক্সিজেন যোগান ধৰি আহিছে।

ইফালে ভেকচিনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে ৩৭ লাখ লোকক ভেকচিনাইজেচন কৰা হৈছে। জুন-জুলাই মাহত ভেকচিনাইজেচন প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হ’ব। লগতে হটবেডত পৰিণত হোৱা গুৱাহাটী মহানগৰীৰ প্ৰায় ১০ লাখ নাগৰিকৰ ৪.৫ লাখ লোকক ভেকচিনাইজেচন কৰা হৈছে। যাৰ বাবে গুৱাহাটীত ক’ভিড আক্ৰান্তৰ সংখ্যা কমিব ধৰিছে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় “যোৱা ৫ বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছোঁ। যোৱা ৫ বছৰত অসমলৈ শান্তি আৰু প্ৰগতি আহিছে। কৃষকসকলে অভূতপূৰ্ব প্ৰগতি দেখিছে আৰু ২২ লাখ পৰিয়াল অৰুণোদই আৰু পেঞ্চন আঁচনিৰ পৰা লাভান্বিত হৈছে।”

RELATED ARTICLES