peepl-small

প্রতিটো বিভাগক খালী পদৰ তালিকা দাখিলৰ নির্দেশ ‘বিত্ত বিভাগ’ৰ

PUBLISHED:

গুৱাহাটী: এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ বাবে বিত্ত বিভাগে চৰকাৰী বিভাগসমূহৰ পৰা প্রয়োজনীয়তা থকা পদসমূহ অগ্রাধিকাৰ ভিত্তিত পূৰণৰ বাবে খালী পদৰ তালিকা বিচাৰিছে৷ মঙলবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত বিত্তমন্ত্রী অজন্তা নেওগে এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত বিত্তমন্ত্রী নেওগে কয় যে বর্তমানৰ অসম চৰকাৰৰ প্রথমখন কেবিনেটতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিয়োগৰ বাবে তেওঁৰ অধ্যক্ষতাত এখন ৫জনীয়া কমিটী গঠন কৰা হয়৷ উক্ত কমিটীয়ে ইতিমধ্যে প্রাৰম্ভিক বৈঠক অনুষ্ঠিত কৰি বিভাগসমূহৰ পৰা খালী পদৰ তালিকা বিচাৰিছে৷

বিভাগসমূহক প্রয়োজনীয়তা থকা পদসমূহ পূৰণৰ বাবে নির্দেশ দিয়া হৈছে৷ বিত্ত বিভাগৰ তৰফৰ পৰা স্পষ্টভাৱে আনবোৰ বিভাগক কোৱা হৈছে– তেওঁলোকে এনেধৰণৰ পদসমূহ প্রয়োজনীয়তা আৰু অগ্রাধিকাৰৰ ভিত্তিত পূৰণ কৰক, যাৰ ফলত বিভাগবোৰ গতিশীল হ’ব৷ ৰাজ্যখনত ইতিমধ্যে নতুন নতুন মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, পলিটেকনিক স্থাপনৰ লগতে নতুন নতুন জিলা গঠন হৈছে৷ সেইসমূহত প্রয়োজন হোৱা পদসমূহ পূৰণত গুৰুত্ব দিয়া হৈছে৷ এইক্ষেত্রত চৰকাৰৰ উদ্দেশ্যে হৈছে চাকৰিৰ পদ সৃষ্টিৰ লগতে সুফল লাভ কৰা৷ সেয়ে নতুন নিযুক্তিৰ ক্ষেত্রত সমগ্র বিষয়টো সুফলদায়ক হ’ব লাগিব৷ তৃতীয় আৰু চতুর্থবর্গৰ পদ পূৰণৰ ক্ষেত্রত যিবোৰ পদ পূৰণ কৰিলে বিভাগ গতিশীল হ’ব, সেই প্রয়োজনীয় পদসমূহহে পূৰণ কৰিবলৈ কোৱা হৈছে৷ এসপ্তাহৰ ভিতৰত বিভাগসমূহৰ পৰা খালী পদৰ সংখ্যা বিচৰা হৈছে৷

সংবাদ মেলখনত মন্ত্রী নেওগে কয় যে বিভাগসমূহৰ পৰা সেই তথ্য লাভ কৰাৰ পিছত বিত্ত বিভাগে সেয়া পৰীক্ষা–নিৰীক্ষা কৰিব৷ তাৰ পিছত সেই পদসমূহ আবণ্টিত হৈ আছে নে আবণ্টন হোৱা নাই, সেই বিষয়ে পৰীক্ষা কৰি ব্যৱস্থা গ্রহণ কৰিব৷ তাৰ পিছতহে বাছনি পদ্ধতি থিৰাং কৰা হ’ব৷ এই নিযুক্তি প্রক্রিয়াত যাতে কোনোধৰণৰ আসোঁৱাহ নাথাকে, তাৰ বাবে স্বচ্ছ আৰু নিকা পদ্ধতিৰে প্রক্রিয়াটো সম্পন্ন কৰা হ’ব বুলি মন্ত্রী নেওগে উল্লেখ কৰে৷

সংবাদ মেলখনত উপস্থিত থকা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষা বিভাগৰ অধীনত হ’বলগীয়া নিযুক্তিৰ ক্ষেত্রত বিভাগে পৃথক নিয়োগ ব’ড গঠন কৰিব বুলি কয়৷ এই সম্পর্কত মন্ত্রী ডাঃ পেগুৱে কয় যে ইঞ্জিনীয়াৰিং কলেজ, পলিটেকনিক, চৰকাৰী মডেল কলেজত নিযুক্তিৰ বাবে শিক্ষা বিভাগে সুকীয়া নিয়োগ ব’ৰ্ড গঠন কৰাৰ বিষয়ে আলোচনা কৰি আছে৷ খুব খৰতকীয়া আৰু স্বচ্ছতাৰে শিক্ষা বিভাগে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ বাবে এই বিষয়টো আলোচনা কৰি আছে৷ 

এই সংবাদ মেলখনতে বিত্তমন্ত্রী নেওগে কয় যে যোৱা জানুৱাৰী মাহত তদানীন্তন শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিকত ১১,১৩৫গৰাকী শিক্ষকক টিউটৰ পদত নিযুক্তি দিয়ে৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰামর্শ আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্রস্তাৱমর্মে বিত্ত বিভাগে সেইসকল টিউটৰৰ পাৰিতোষিকৰ ধন মোকলাই দিছে৷ এতিয়াৰে পৰা তেওঁলোকে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব৷ শিক্ষা বিভাগটো যিহেতু বর্তমানৰ চৰকাৰৰ অগ্রাধিকাৰপ্রাপ্ত খণ্ড, সেয়ে বিভাগটোৰ লগত বিত্ত বিভাগৰ পূর্ণ সহযোগিতা থাকিব বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে এন চি টি ইৰ গাইডলাইন অনুসৰি বি এডকে ধৰি প্রয়োজনীয় অর্হতা নথকাৰ বাবে সেইসকলক টিউটৰ পদত নিযুক্তি দিয়া হৈছে৷ ৯,৫০৩গৰাকী টিউটৰে মার্চ–এপ্রিল আৰু মে’ মাহৰ পাৰিতোষিক কালি বা পৰহি লাভ কৰিব৷ অহা জুলাই মাহলৈ তেওঁলোকৰ পাৰিতোষিকক লৈ কোনো সমস্যা নাই৷ বিত্ত বিভাগে সেই পুঁজি মোকলাই দিছে৷ তদুপৰি অবৈধ আৰু অনিয়মীয়া পদত কর্মৰত নিম্ন প্রাথমিকৰ ১,৫৩১ আৰু উচ্চ প্রাথমিকৰ ৪৩৩গৰাকী শিক্ষককো প্রয়োজনীয় অর্হতা নথকা বাবে টিউটৰ পদত নিযুক্তি দিয়া হৈছে৷ দুই–তিনি দিনৰ ভিতৰতে তেওঁলোকেও পাৰিতোষিক লাভ কৰিব৷

ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ সন্দর্ভত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে জিলা সমিতিয়ে বাছনি কৰি দিয়া তালিকা ৰাজ্যিক ভিত্তিত গঠিত কমিটীয়ে পুনৰীক্ষণ কৰি আইনৰ আওতাৰ ভিতৰত পৰাখিনি প্রাদেশিকীকৰণ কৰিছে৷ বাকী যিখিনি বাদ পৰিছে, বিভাগে পুনৰ এবাৰ পৰীক্ষা কৰি চাব৷

ইফালে কালিৰ দিনটোতে বিত্ত, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগে ষষ্ঠ অনুসূচীৰ বাহিৰত থকা স্বায়ত্তশাসিত পৰিষদসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়৷ সংবাদ মেলখনত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ দায়িত্বত থকা মন্ত্রী ডাঃ ৰণোজ পেগুৱে সেই বিষয়ে সদৰী কৰি কয় যে স্বায়ত্ত পৰিষদসমূহলৈ ধন মুকলিৰ সমস্যাক লৈয়ে  আলোচনা কৰা হৈছে৷ ৰাজ্য চৰকাৰে বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত গঠন কৰা স্বায়ত্ত পৰিষদসমূহে সঁচা অর্থত শক্তিশালী, কার্যক্ষম, উন্নয়নৰ এজেঞ্চী হিচাপে যাতে গঢ় ল’ব পাৰে তাৰ বাবে তেওঁলোকে বিভিন্ন বিষয়ত সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰাৰ বাবে আলোচনাসাপেক্ষে ব্যৱস্থা গ্রহণ কৰা হ’ব৷

RELATED ARTICLES