peepl-small

নাৰেংগীত মালবাহী ৰে’লৰ ৬টা দবা লাইনচ্যুত

PUBLISHED:

গুৱাহাটীঃ  নাৰেংগী সেনা ছাউনীলৈ খাদ্য–সামগ্রী কঢ়িয়াই অনা মালবাহী ৰে’ল এখনত দুর্ঘটনাত পতিত হৈ শনিবাৰে ৬ টাকৈ দবা লাইনচ্যুত হোৱাক কেন্দ্র কৰি তীব্র আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্র নাৰেংগী অঞ্চলত৷ ভয়ানক দুর্ঘটনাটোত আনকি নিশ্চিত বিপদৰ পৰা অঞ্চলটো ৰক্ষা পৰাৰ উপৰি নাৰেংগী–চন্দ্রপুৰ পথ যোগাযোগ ব্যৱস্থা প্রায় দুঘণ্টা ধৰি স্তব্ধ হৈ পৰে৷

উল্লেখ্য যে শনিবাৰে দিনৰ প্রায় ১২ বজাত সেনা ছাউনীলৈ সামগ্রী কঢ়িওৱা ডব্লিউ ডি জি এ–৭০১১৫ ৰে’লখন নাৰেংগী ষ্টেচনৰ পৰা দিশ সলনি কৰি নাৰেংগী–চন্দ্রপুৰ পথৰ মাজেৰে যোৱা নির্দিষ্ট ৰে’লপথটোৰে আগবাঢ়ি থকাৰ সময়তে ইঞ্জিনৰ পিছফালৰ ৬টা দবা লাইনচ্যুত হয়৷

প্রত্যক্ষদর্শীয়ে জানিব দিয়া মতে প্রচণ্ডজোৰে লাইনচ্যুত হোৱাৰ পাছতো কিছুদূৰ চুঁচৰি আগবাঢ়ি মালবাহী ৰে’লখন ৰৈ যায়৷ ৰে’লপথৰ দাঁতিতে বসবাস কৰা লোকৰ মাজত হাহাকাৰ লাগে৷ লাইনচ্যুত দবাকেইটা হাউলি পৰাত আতংকিত হৈ পৰে অঞ্চলবাসী৷ একেদৰে নাৰেংগী–চন্দ্রপুৰ পথৰ মাজতে ৰে’লখন ৰৈ যোৱাত বন্ধ হৈ পৰে পথটোৰে যাতায়াত ব্যৱস্থা৷ দুঘণ্টাতকৈ অধিক সময় এনেদৰে দুই দিশৰ যাত্রী আবদ্ধ হৈ পৰাত আৰু কোনো বিকল্প পথ নথকাত দুর্ভোগ ভুগিবলগা হয় সাধাৰণ ৰাইজ৷

অৱশ্যে সেনা বাহিনীৰ তৎপৰতাত দুঘণ্টাৰ পাছত লাইনত থকা দবাকেইটা পৃথকে আঁতৰাই নিয়াত যাতায়াত ব্যৱস্থা সুচল হয়৷ জানিব পৰা মতে, ৰে’লখনত বাৰুদ জাতীয় সামগ্রীও কঢ়িয়াই আনিছিল৷ সম্প্রতি ৰে’লখন সেনাবাহিনীৰ জোৱানে ঘেৰি ৰাখিছে৷ ৰে’ল বিভাগৰ বিষয়া–কর্মচাৰীৰ বৃহৎ দল এটা উপস্থিত হৈছে ঘটনাস্থলীত৷

স্থানীয় ৰাইজে জানিব দিয়া মতে ভালেমান বছৰ ধৰি এই ৰে’লপথটো মেৰামতি কৰা নাই ৰে’ল বিভাগে৷ যাৰ ফলত অতি আওপুৰণি হৈ থকা পথটোত জৰাজীর্ণ হৈ পৰাৰ ফলতে এই দুর্ঘটনাটো সংঘটিত হয়৷

ইফালে, শনিবাৰে নিশাৰ ভিতৰতে দুর্ঘটনাত পতিত হোৱা দবাকেইটা উদ্ধাৰ কৰাৰ সমান্তৰালকৈ ৰে’লপথটোৰ মেৰামতিৰ কামো সম্পূর্ণ কৰিব বুলি জানিব দিছে উপস্থিত ৰে’ল বিভাগৰ বিষয়াবর্গই৷

RELATED ARTICLES