peepl-small

গোৱালপৰীয়া লোকগীতৰ শিল্পীঃ নিখিলেশ বৰুৱাৰ বিয়োগ

PUBLISHED:

গুৱাহাটীঃ গোৱালপৰীয়া লোকগীতৰ বিশিষ্ট শিল্পী–লেখক নিখিলেশ বৰুৱাৰ যোৱানিশা মৃত্যু হৈছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্রায় ৮৩ বছৰ৷ শিল্পীগৰাকীৰ মৃত্যুত ধুবুৰী জিলাৰ সাংস্কৃতিক নগৰী গৌৰীপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে নিখিলেশ বৰুৱাৰ জন্ম হৈছিল ১৯৩৮ চনত গৌৰীপুৰৰ বৰুৱাপট্টিত৷ নিখিলেশ বৰুৱা সৰুৰে পৰা সংগীত জগতৰ প্রতি আকৃষ্ট হৈ আছিল৷ গৌৰীপুৰতে শৈশৱত পঢ়া–শুনা সমাপ্ত কৰি শ্বিলঙৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ পাছত পিতৃৰ মৃত্যু হোৱাত নিখিলেশ বৰুৱাই পঢ়া–শুনা বাদ দি সংগীতৰ জগতত নামি পৰে৷ তেওঁ গোৱালপৰীয়া লোকগীত, চড়ক, কুশান গীত আদি গোৱাৰ লগতে সময়ৰ সোঁতত বিলীন হ’বলৈ ধৰা চড়ক, কুশান নৃত্যৰ ওপৰত ডকুমেণ্টৰী প্রস্তুত কৰে৷

একেদৰে সত্রশালৰ সত্রৰ লগতে দেৱদাসখ্যাত প্রখ্যাত শিল্পী প্রমথেশ বৰুৱাৰ জন্ম শতবার্ষিকীত নিখিলেশ বৰুৱাই দূৰদর্শনৰ বাবে নির্মাণ কৰা ‘জীৱন শিল্পী প্রমথেশ বৰুৱা’ নামৰ চলচ্চিত্রখনে প্রসাৰ ভাৰতীৰ শ্রেষ্ঠ চুটি চলচ্চিত্রৰ সন্মান বুটলিবলৈ সক্ষম হয়৷ উল্লেখ্য যে নিখিলেশ বৰুৱাৰ নির্দেশত ৭০ৰ দশকত কলকাতাৰ কিংবদন্তি সংগীত শিল্পী হেমন্ত মুখার্জী, মান্না দে’ই গান গাইছিল৷ আনহাতে গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে, প্রমথেশ বৰুৱাৰ জ্যেষ্ঠ পুত্র অলকেশ বৰুৱাই গঠন কৰা কলা তীর্থম নামৰ গৌৰীপুৰৰ সন্থাৰ নিয়মীয়া গায়ক আছিল নিখিলেশ বৰুৱা৷

উল্লেখ্য যে গৌৰীপুৰৰ কলা তীর্থমত কিংবদন্তি শিল্পী ড০ ভূপেন হাজৰিকায়ো গীত গাইছিল৷ ২০০৬ চনত অসম চৰকাৰে নিখিলেশ বৰুৱাক শিল্পী পেন্সনেৰে সন্মানিত কৰে৷ ১৯৯০ চনত নিখিলেশ বৰুৱা গৌৰীপুৰৰ পৰা স্থানান্তৰিত হৈ গুৱাহাটীৰ বেলতলাত নিগাজীকৈ থাকে৷ গোৱালপৰীয়া লোকগীতৰ একনিষ্ঠ শিল্পী বৰুৱা যোৱা কিছুদিন ধৰি বেমাৰত আক্রান্ত হোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত ভর্তি কৰায়৷ যোৱানিশা প্রায় ১০ বজাত চিকিৎসাধীন অৱস্থাতে শিল্পীগৰাকীয়ে ইহসংসাৰ ত্যাগ কৰে৷ আজি নৱগ্রহত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে৷ মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, এটি পুত্র সন্তানৰ সৈতে অজস্র গুণমুগ্ধক ইহসংসাৰত এৰি যায়৷ ইপিনে গোৱালপৰীয়া লোকগীতৰ এগৰাকী যশস্বী শিল্পী নিখিলেশ বৰুৱাৰ মৃত্যুত গোৱালপৰীয়া লোকগীত–সংগীত জগতৰ অপূৰণীয় ক্ষতি হোৱা বুলি গৌৰীপুৰৰ শিল্পী সমাজে মত পোষণ কৰিছে৷ শিল্পীগৰাকীৰ মৃত্যুত গভীৰভাৱে শোক প্রকাশ কৰিছে কলা তীর্থমৰ সদস্যবৃন্দ, গৌৰীপুৰ আঞ্চলিক কলা পৰিষদ, গৌৰীপুৰ প্রেছ ক্লাব, গৌৰীপুৰ মহামায়া কমিটীৰ সম্পাদক প্রবীৰ বৰুৱা, গৌৰীপুৰ শ্মশান কমিটীৰ সম্পাদক মৃণ্ময় অধিকাৰী, গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ক্ষীতিশ চন্দ্র ৰায়ে৷

নিখিলেশ বৰুৱাৰ বিয়োগত মুখ্যমন্ত্রীৰ শোক প্রকাশ

বিশিষ্ট শিল্পী, সাহিত্যিক, লোক–সংগীতৰ একনিষ্ঠ সাধক নিখিলেশ বৰুৱাৰ পৰলোকপ্রাপ্তিত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এক শোকবার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রয়াত নিখিলেশ বৰুৱাই ৰাজ্যৰ সাংস্কৃতিক জীৱনলৈ যি অৱদান আগবঢ়াই গ’ল, সেয়া ৰাজ্যখনৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ প্রয়াত বৰুৱাই সংগীতৰ উপৰি তথ্যচিত্র নির্মাণেৰে বিশেষ বৰঙণি যোগাই গৈছে৷ তদুপৰি বহুকেইখন গ্রন্থ ৰচনা কৰি আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে৷ প্রয়াত বৰুৱাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে জড়িত থাকি আমাৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি যোগাই গৈছে৷ ৰাজ্য চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত এইগৰাকী শিল্পী তথা সাহিত্যিকৰ বিয়োগ আমাৰ বৃহত্তৰ সমাজখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ প্রয়াত নিখিলেশ বৰুৱাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবর্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

RELATED ARTICLES