peepl-small

চাকৰিৰ ক্ষেত্ৰত সকলো জিলাৰ প্ৰাৰ্থীক গুৰুত্ব দিয়ক: অইলক আলফাৰ আহ্বান

PUBLISHED:

গুৱাহাটীঃ চাকৰিৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইখনমান জিলাৰ পৰিৱৰ্তে ৰাজ্যৰ সকলো জিলাৰ থলুৱা প্ৰাৰ্থীক প্ৰাধান্য দিবলৈ অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনাইছে আলফা স্বাধীনে।

এক বিবৃতিত আলফা স্বাধীনে অসমৰ সকলো জিলাৰ যোগ্য প্ৰাৰ্থীক প্ৰাধান্য দিবলৈ অইলক আহ্বান জনাইছে।

উল্লেখ্য যে অলপতে ওলোৱা অইলৰ কিছু পদত নিযুক্তিৰ বাবে অইলে অসমৰ কেইখনমান জিলা আৰু অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছিল।

তেনে বৈষম্য পৰিহাৰ কৰিবলৈ প্ৰতিষ্ঠানটোক আহ্বান জনায় বিদ্ৰোহী সংগঠনটোৱে।

RELATED ARTICLES