peepl-small

উত্তৰবহী আপলোড কৰিব নোৱাৰি পৰীক্ষার্থীৰ হাহাকাৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্রেণীৰ প্রথম ষাণ্মাসিকৰ অ’পেন বুক অনলাইন পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে যদিও বহুসংখ্যক পৰীক্ষার্থীয়ে এছ অ’ পি অনুসৰি উত্তৰ বহী আপলোড কৰিব নোৱাৰি এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে আজি দিনৰ এঘাৰ বজাৰ পৰা ডেৰ বজালৈ অসমীয়া বিষয়ৰ প্রথম প্রশ্ণ কাকতৰ (১০১৬) পৰীক্ষা আছিল৷ সেই অনুসৰি ছাত্র–ছাত্রীসকলে প্রশ্ণকাকত ডাউনলোডা কৰি উত্তৰ লিখি পৰীক্ষা শেষ হোৱাৰ এক ঘণ্টাৰ ভিতৰত আপলোড কৰিব লাগে৷ কিন্তু বহু সংখ্যক ছাত্র–ছাত্রীয়ে নির্ধাৰিত সময়ৰ ভিতৰত বহু চেষ্টা কৰিও আপলোড কৰিব নোৱাৰি হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে৷ ছয়গাঁও অঞ্চলৰ পৰা এই পৰীক্ষাত অৱতীর্ণ হোৱা কেইবাগৰাকীও ছাত্রীয়ে এই কথা জানিব দি সম্পূর্ণ প্রস্তুতিৰে তেওঁলোকে পৰীক্ষাত অৱতীর্ণ হোৱাৰ পিছতো উত্তৰ বহী আপলোড কৰিব নোৱাৰি গভীৰ অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে৷ ছাত্র–ছাত্রীসকলে এইক্ষেত্রত গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষক এক বিকল্প ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ এটা বছৰ যাতে অবাবত নষ্ট নহয় তাৰ সমাধান উলিয়াবলৈ দাবী জনাইছে৷

RELATED ARTICLES