peepl-small

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নির্দেশনাঃ ৬০ শতাংশ পাঠ্যক্রমেৰে স্নাতক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা

PUBLISHED:

গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ্ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আজি গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এলানি নির্দেশাৱলী প্রদান কৰাৰ পাছতে গুৱাহাটী বিশ্বদ্যিালয়ে বাতিল কৰিছে স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাসমূহ৷ এই তৃতীয় ষাণ্মাসিকৰ শিক্ষার্থীসকলক অনুদান আয়োগৰ নির্দেশাৱলীৰ ভিত্তিত পৰৱর্তী ষাণ্মাসিকলৈ উন্নীত কৰা হ’ব৷

ইপিনে, স্নাতক পাঠ্যক্রমৰ ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষাসমূহ অহা আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত কৰা হ’ব বুলিও প্রকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্রক ডি জে চৌধুৰীয়ে প্রদান কৰা এক নির্দেশনা অনুসৰি ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাসমূহ কেৱল অনলাইনযোগেহে অনুষ্ঠিত কৰা হ’ব৷ চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা ৬০ শতাংশ পাঠ্যক্রমৰ ওপৰত অনুষ্ঠিত কৰা হ’ব৷ পাঠ্যক্রমৰ প্রথম অধ্যায়ৰ পৰা ৬০ শতাংশ পাঠ্যক্রম সামৰি এই পৰীক্ষা অনুষ্ঠিত হ’ব৷

আনহাতে, ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে সঠিক নির্দেশনা কম দিনৰ ভিতৰত জাৰি কৰা হ’ব বুলিও উল্লেখ কৰিছে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্যৰ অনুমোদন সাপেক্ষে এই নির্দেশনাসমূহ জাৰি কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে গুৱাহাটী বিশ্ববিদ্যালয়ে তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনলাইন পদ্ধতিৰ জৰিয়তে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ কিন্তু শেহতীয়াকৈ অনুদান আয়োগে এই পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে বুলি প্রকাশ কৰিছে৷

RELATED ARTICLES