peepl-small

মেঘালয়ৰ আগ্রাসনক লৈ উত্তপ্ত বশিষ্ঠৰ গণেশ নগৰত উপায়ুক্ত–আৰক্ষী আয়ুক্ত

PUBLISHED:

গুৱাহাটী:  অসম–মিজোৰাম সীমান্তত অগ্ণিগর্ভ পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজত সীমা বিবাদক লৈ অসম–মেঘালয় সীমান্ততো তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ অসম–মেঘালয় সীমান্তৰ বশিষ্ঠ অঞ্চলৰ গণেশ নগৰত কালি মেঘালয়ৰ এটা স্বেচ্ছাসেৱী সংগঠনে বিদ্যুতৰ খুঁটা পোতাক লৈ মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অসমৰ ভূমিত মেঘালয়ৰ স্বেচ্ছাসেৱী সংগঠনে বিদ্যুতৰ খুঁটা পোতাৰ লগতে গৃহ নির্মাণ কৰাত দণ্ডাধীশৰ লগতে অসম আৰক্ষীৰ এটা দল উপস্থিত হৈ মেঘালয় আৰক্ষীৰে আলোচনা কৰি বিদ্যুতৰ খুঁটা উভালি পেলায়৷

এই লৈ সীমান্তত চেপা উত্তেজনাই বিৰাজ কৰি থকাৰ মাজতে বুধবাৰে ঘটনাস্থলীত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু আৰু আৰক্ষী আয়ুক্ত হৰমিত সিং উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত চলি থকা বিবাদ সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি এইক্ষেত্রত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে আলোচনা চলি থকাৰ কথা সদৰী কৰি আৰক্ষী আয়ুক্ত আৰু উপায়ুক্তই আলোচনাত বিষয়টোৰ নিশ্চিতভাৱে সমাধান দিব বুলি দুয়ো উল্লেখ কৰে৷

ইতিমধ্যে মুখ্যমন্ত্রীয়ে বিষয়টো গৃহ বিভাগ আৰু জিলা উপায়ুক্তক পর্যালোচনা কৰিবলৈ নির্দেশ দিছে৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পাছত ঘটনাস্থলীত জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অঞ্চলটোত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী আৰু অর্ধসামৰিক বাহিনী মোতায়েন কৰিছে৷

RELATED ARTICLES