peepl-small

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান

PUBLISHED:

গুৱাহাটী: GMCHত খন্তেক সময় পূৰ্বে দেহাৱসান তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা গগৈৰ। ৮৬ বছৰ বয়সত সোমবাৰে আবেলি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান ৰাজনীতিবিদজনে। জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২০০১ চনৰ পৰা একেৰাহে ২০১৬ জনলৈকে দীৰ্ঘতম কাল অসমৰ মুখøমন্ত্ৰীৰ অসনত অধিষ্ঠিত আছিল গগৈ। যোৱা ২৬ আগষ্টৰ পৰা কৰ’নাত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল তৰুণ গগৈ।

মাজতে কিছু সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছিল প্ৰাক্তন মুখøমন্ত্ৰীগৰাকী। কিন্তু স্বাস্থøৰ অৱনতি হোৱাত পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গগৈক। যোৰহাট লোকসভা সমষ্টিৰ পৰা ১৯৭১ চনত প্ৰথমবাৰৰ বাবে সাংসদৰূপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ। পৰৱৰ্তী সময়ত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯১ আৰু ১৯৯৮ চনত দুবাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল তৰুণ গগৈ।

পি ভি নৰসিংহ ৰাও মন্ত্ৰীসভাত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ খাদø সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত গগৈ। আনহাতে ১৯৯৬ চনৰ পৰা ১৯৯০ চনলৈ তেওঁৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৬ চনতো তেওঁ দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হৈছিল। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়কৰূপেও নিৰ্বাচিত হৈছিল।

পৰৱৰ্তী সময়ত ২০০১ চনৰ পৰা বৰ্তমানলৈকে তেওঁ তিতাবৰ সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

RELATED ARTICLES