peepl-small

দেশৰ শ্রেষ্ঠ ৫ ৰাজ্যত অসমক প্রতিষ্ঠা কৰিলেহে লক্ষ্য সার্থক হ’ব

PUBLISHED:

গুৱাহাটীঃ পূর্বৰ দৰে জনপ্রতিনিধিসকলে পুৱা ৯মান বজাৰ পৰা আবেলি ৫ বজালৈ কর্মত নিয়োজিত হৈ দায়িত্ব সামৰিলেই নহ’ব৷ মানুহ সুখী হোৱাৰ স্বার্থত সকলোৱে দিনে–নিশাই সেৱা আগবঢ়াই অসমক ভাৰতবর্ষৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ অন্যতম হিচাপে প্রতিষ্ঠা কৰিব পাৰিলেহে আমাৰ লক্ষ্য সার্থক হ’ব৷ –দেওবাৰে তেজপুৰত এই মন্তব্য কৰে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷

উল্লেখ্য যে শোণিতপুৰ জিলা প্রশাসনৰ অভিভাৱক মন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত দেওবাৰে প্রথমবাৰৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ কাম–কাজৰ বুজ লয়৷ তেজপুৰস্থিত জিলা ডপায়ুক্তৰ কার্যালয়ৰ সন্মিলন কক্ষত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, জিলাখনৰ বিধায়ক ক্রমে পদ্ম হাজৰিকা, গণেশ লিম্বু, পৃথ্বিৰাজ ৰাভা আৰু কৃষ কমল তাঁতীক লগত লৈ মন্ত্রী হাজৰিকাই পর্যালোচনা সভাত অংশগ্রহণ কৰে৷

উপায়ুক্ত ভূপেশ চন্দ্র দাস, আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় ঘনাৱট প্রমুখ্যে বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত আয়োজিত পর্যালোচনা সভাখনত বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ সভাখনৰ অন্তত মন্ত্রী হাজৰিকাই সাংবাদিকৰ আগত কয় যে আজিৰ সভাখনত মূলতঃ ক’ভিড বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ এই ক’ভিড সংকটকালত হোম আইছ’লেচনত থকা দৰিদ্র পৰিয়ালক দুহেজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ দিয়া হৈছে৷ আনহাতে, জিলাখনত খাদ্য সুৰক্ষা আইনৰ অধীনত ৩,২০০ পৰিয়ালক এমাহৰ ভিতৰত ৰেচন কার্ড প্রদানৰ নির্দেশ দিয়া হৈছে৷

ইফালে, জিলাখনত বন্যহস্তীৰ সমস্যা সমাধানৰ বাবে বন বিভাগক কৌশলপূর্ণভাৱে ব্যৱস্থা গ্রহণ কৰি ৰাইজক সুৰক্ষিত কৰাৰ বাবে নির্দেশ দিয়াৰ লগতে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰে জলসম্পদ মন্ত্রীগৰাকীয়ে৷ তেওঁ কয় যে সম্প্রতি ৰাজ্যখনৰ লগতে শোণিতপুৰৰ অতি বিপদসংকুল মথাডৰিসমূহ যাতে এই বাৰিষাকালত ভাগি নাযায়, তাৰ বাবে মথাডৰিসমূহ সুৰক্ষা দিয়াত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ বিশেষকৈ এই বাৰিষাকালত অস্থায়ী সঠিক ৰূপত মথাডৰি সুৰক্ষা আৰু বানপানীৰ সমাধানৰ বাবে ব্যৱস্থা লোৱা হ’ব যদিও অহা ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি পর্যায়ক্রমে বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাম–কাজ আৰম্ভ কৰা হ’ব যাতে অহা পাঁচ বছৰত ৰাজ্যখনত বান আৰু গৰাখহনীয়া সমস্যাৰ যথাসম্ভৱ স্থায়ীভাৱে সমাধান কৰিব পৰা যায়৷

RELATED ARTICLES