peepl-small

গাজিয়াবাদৰ চিকিৎসালয়ত চিনাক্ত Yellow ফাংগাছ সংক্রমিত প্রথমজন ৰোগী

PUBLISHED:

গুৱাহাটী: ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক আৰু হোৱাইট ফাংগাছৰ সংক্রমণে দেশবাসীক শংকিত কৰি ৰখাৰ সময়তে এইবাৰ ৰোগীৰ দেহত ধৰা পৰিল অতি ভয়ানক য়েলো ফাংগাছ৷ ব্লেক আৰু হোৱাইট ভাইৰাছতকৈও ভয়ানক য়েলো ফাংগাছত আক্রান্ত এজন ৰোগী ধৰা পৰিছে ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এন চি আৰ)ত৷ উত্তৰ প্রদেশৰ গাজিয়াবাদত য়েলো ফাংগাছত আক্রান্ত প্রথমজন ৰোগী ধৰা পৰাৰ পাছতে দেশৰ চিকিৎসালয়সমূহত আন এক শংকা সৃষ্টি হৈছে৷

গাজিয়াবাদৰ ই এন টি বিশেষজ্ঞ বি পি ত্যাগীয়ে প্রকাশ কৰা মতে, তেওঁৰ চিকিৎসালয়ত চিনাক্ত হৈছে এজন য়েলো ফাংগাছত আক্রান্ত ৰোগী৷ চহৰখনৰ হর্ষ হাস্পতালত সঞ্জয় নগৰৰ বাসিন্দা ৪৫ বছৰীয়া ৰোগীজনৰ দেহত য়েলো ফাংগাছ ধৰা পৰা বুলি চিকিৎসক ত্যাগীয়ে প্রকাশ কৰিছে৷ তেওঁ প্রকাশ কৰা মতে, কিছুদিন পূর্বে তেওঁৰ ওচৰলৈ এজন ৰোগী আহিছিল৷ প্রথম পৰীক্ষাৰ অন্তত ৰোগীজনক স্বাভাৱিক দেখা গৈছিল যদিও আন এক পৰীক্ষাত পোহৰলৈ আহিল যে ৰোগীজন ব্লেক, হোৱাইট কিম্বা য়েলো ফাংগাছত আক্রান্ত হ’ব পাৰে৷ শৰীৰৰ ভিতৰত তেওঁৰ ফাংগাছ পোৱা গৈছে৷ কেইবাবাৰো পৰীক্ষণ কৰাৰ অন্তত ৰোগীজনক ব্লেক আৰু হোৱাইট ফাংগাছৰ ঔষধ এমফ’টেৰিচিন বি বেজী প্রয়োগ কৰা হয়৷ কিন্তু ৰোগীজনৰ অৱস্থা অলপো উন্নত নহ’ল৷ তাৰ পাছতেই ৰোগীজনক পুনৰ পৰীক্ষা কৰাত য়েলো ফাংগাছত আক্রান্ত হোৱা বুলি নিশ্চিত কৰে৷

উল্লেখ্য যে য়েলো ফাংগাছত আক্রান্ত হোৱা ৰোগীজনৰ পিতৃ বর্তমান ক’ভিড–১৯ত আক্রান্ত হৈ আন এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ লক্ষণীয় যে ব্লেক আৰু হোৱাইট ফাংগাছতকৈ ভয়ানক য়েলো ফাংগাছত আক্রান্ত হ’লে ৰোগীৰ দেহত কি কি লক্ষণ দেখা দিব পাৰে৷ চিকিৎসকৰ মতে ৰোগীজন অত্যন্ত ভাগৰুৱা হ’বলৈ ধৰে, দ্রুতগতিত ওজন হ্রাস পায় আৰু ভোক লাগিবলৈ বন্ধ কৰে অর্থাৎ ভোক নলগা হয়৷ এই য়েলো ফাংগাছ ইমানেই ভয়াৱহ যে শৰীৰৰ কোনো ভিতৰৰ অংগত আক্রান্ত হোৱাৰ লগে লগে ক্ষিপ্রতাৰে আন আন অংগলৈ বিয়পি পৰে৷ শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হ’বলৈ আগবাঢ়ে, চকু সেমেকা হৈ উঠে, দৃষ্টিশক্তি কমি আহে আৰু অৱশেষত শৰীৰৰ ভিতৰৰ সকলো অংগ বিকল হৈ যায়৷ তাৎপর্যপূর্ণ যে এই ফাংগাছত আক্রান্ত ৰোগীৰ দেহত ঘা হ’বলৈ ধৰে আৰু ই বিয়পি পৰে৷ ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ দৰেই এই য়েলো ফাংগাছত আক্রান্ত ৰোগীৰ দেহতো এমফ’টেৰিচিন বি বেজী ব্যৱহাৰ কৰা হয়৷

RELATED ARTICLES