peepl-small

লকডাউনৰ পাছত মাজুলীত উপস্থিত প্ৰথমটো বিদেশী পৰ্যটকৰ দল

PUBLISHED:

গুৱাহাটীঃ লকডাউনৰ পাছত মাজুলীলৈ আহিছে প্ৰথমটো বিদেশী পৰ্যটকৰ দল। নদীদ্বীপটোলৈ আগমন ঘটিছে ফ্ৰান্স আৰু বেলজিয়ামৰ সাতগৰাকীকৈ পৰ্যটকৰ।

কৰোনাৰ বিভিষীকা তথা লকডাউনৰ পাছত সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীলৈ আহিছে প্ৰথমটো পৰ্যটকৰ দল। আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা পুনৰাম্ভ হোৱাৰ পাছতে মাজুলীৰ বুকুত ভৰি থৈছে ফ্ৰান্স আৰু বেলজিয়ামৰ এইসকল ভ্ৰমণপিপাসী লোকে।

শনিবাৰে দলটোৱে আউনীআটি সত্ৰৰ পানলাম মহোৎসৱত সেৱা লয়।

মাজুলীৰ অপৰূপ সৌম্দৰ্যৰ ৰূপ-ৰস পান কৰি অভিভূত বুলি সাংবাদিকক জানিবলৈ দিয়ে বেলজিয়ামৰ এগৰাকী পৰ্যটকে। আনহাতে ফ্ৰান্সৰ এগৰাকী পৰ্যটকে মাজুলীৰ শান্ত-সমাহিত ৰূপত মুগ্ধ হোৱা বুলি প্ৰকাশ কৰিছে।

ৰাসৰ প্ৰাকক্ষণত মাজুলীলৈ বিদেশী পৰ্যটকৰ আগমনে অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াইছে ।

RELATED ARTICLES