peepl-small

COVID ভেকচিন ল’লে প্ৰথম গৰাকী অসমীয়াই, NEWS LIVEৰ আগত ব্যক্ত কৰিলে ভেকচিন লোৱাৰ অভি়জ্ঞতাৰ কথা

PUBLISHED:

গুৱাহাটীঃ বিশ্ববাসীৰ বাবে উপলব্ধ হ’ল ক’ভিড ভেকচিন। ক’ৰোনাই বিধস্ত কৰা বিশ্বৰ বাবে এয়া এক ভালখবৰ। বৰ্তমানো কিন্তু ক’ৰোনা মহামাৰীৰ বাবে পৰিত্ৰাণ পোৱা নাই বিশ্বই। পূৰ্বতকৈ আক্ৰান্তৰ সংখ্যা কমিছে যদিও প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা আছে। একেবাৰে হ্ৰাস পোৱা নাই।

COVID ভেকচিনৰ বাবে কেইবাখনো অগ্ৰণী দেশে গৱেষণা চলাই থকাৰ সময়তে UAEত ভেকচিন ল’লে প্ৰথমগৰাকী অসমীয়াই। UAEৰ বাসিন্দা অংকিতা শৰ্মাই ১৪ ডিচেম্বৰত লৈছিল COVID ভেকচিন। কৰ্মসূত্ৰে আবুধাবিত থকা অংকিতাই ভেকচিন লোৱাৰ পাছত জনাই যে পুনৰ ২১দিনৰ পাছত ভেকচিন দিয়া হ’ব। লগতে তেওঁ কয় যে গৰ্ভৱতী মহিলাসকলে এই ভেকচিনটো ল’ব নোৱাৰে। যদিহে ভেকচিন লয় তেন্তে আগন্তুক ৫ মাহলৈ গৰ্ভধাৰণৰ কথা ভাবিব নোৱাৰিব। ডুবাইৰ স্বাস্থ্য বিভাগে এনে মহিলাসকলক ভেকচিন প্ৰদান কৰা নাই।

সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত এই ভেকচিন দিয়া হৈছিল আৰু এতিয়ালৈ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া পোৱা নাই। লগতে ১৮ বছৰৰ তলৰ কোনো লোকক এই ভেকচিন দিয়া হোৱা নাই বুলি মন্তব্য কৰে প্ৰৱাসী অসমীয়া অংকিতা শৰ্মাই।

RELATED ARTICLES