peepl-small

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে FIR

PUBLISHED:

গুৱাহাটী: শেহতীয়াকৈ পৰ্ণগ্ৰাফীৰ গোচৰত স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা শিল্পা ছেট্টীয়ে নিৰন্তৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। বহু কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত শিল্পা আৰু তেওঁৰ মাতৃ সুনন্দা ছেট্টীৰ বিৰুদ্ধে এতিয়া এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু তেওঁৰ মাতৃ সুনন্দা ছেট্টীৰ বিৰুদ্ধে লক্ষ্ণৌৰ হজৰতগঞ্জত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। শিল্পা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে সুস্থতা কেন্দ্ৰৰ (wellness centre) নামত কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। শিল্পা ছেট্টী আৰু তেওঁৰ মাতৃয়ে আইঅ’চিছ শ্লিমিং স্কিন চেলুন আৰু স্পা নামৰ কোম্পানী এটা আৰম্ভ কৰিছিল। এই কোম্পানীটোৰ ফ্ৰেঞ্চাইজি আৰু শাখাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা হৈছিল।

খবৰ অনুসৰি হজৰতগঞ্জ আৰক্ষীয়ে যোৱা মাহত শিল্পা ছেট্টী আৰু তেওঁৰ মাতৃক তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ জাননী জাৰি কৰিছিল। কিন্তু আৰক্ষীৰ এই জাননীৰ বিৰুদ্ধে শিল্পা ছেট্টী আৰু তাইৰ মাতৃয়ে এতিয়াও কোনো সঁহাৰি দিয়া নাই। যাৰ পিছতে লক্ষ্ণৌ আৰক্ষীয়ে এতিয়া মুম্বাইলৈ ৰাওনা হৈছে। অভিনেত্ৰী শিল্পা ছেট্টী আৰু তেওঁৰ মাতৃক সমগ্ৰ বিষয়টোত সোনকালেই সোধপোছ কৰা হ’ব।

RELATED ARTICLES