peepl-small

দৰং: ৬ দিনৰ ব্যৱধানত মৃত্যু পিতা–পুত্রৰ

PUBLISHED:

গুৱাহাটী:  দৰঙৰ পশ্চিম প্রান্তৰ বৰমপুৰৰ শিক্ষাসেৱী আব্দুল কৰিমৰ (৪৬ বছৰ) যোৱানিশা ক’ভিডত মৃত্যু হয়৷ উল্লেখ্য যে যোৱা ২১ মে’ত আব্দুল কৰিমৰ পিতৃ আলহাজ আব্দুৰ ৰহমানৰ আকস্মিকভাবে মৃত্যু হৈছিল৷ ছয়দিন পিছতেই পুনৰ পুত্রৰ মৃত্যু হোৱা ঘটনাই শোকস্তব্ধ কৰিছে বৰমপুৰবাসীক৷ জনপ্রিয় আব্দুল কৰিম আছিল ১৯৯৯ চনত প্রাথমিক বিদ্যালয়ৰ চাকৰি হেৰুৱা এগৰাকী শিক্ষাসেৱী৷ বিগত ১০ মে’ত পিতৃৰ লগতে কৰিমো ক’ভিডত আক্রান্ত হৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি হৈছিল৷

আব্দুল কৰিমক সংকটজনক অৱস্থাত ১১ মে’ত মঙলদৈৰ পৰা স্থানান্তৰ কৰি জি এন আৰ চিৰ আই চি ইউত ভর্তি কৰিছিল৷ পিতৃ ক’ভিডমুক্ত হৈ ঘৰলৈ অহাৰ পিছত যোৱা ২১ মে’ত পিতৃয়ে নিজ ঘৰতে শেষ নিশ্বাস ত্যাগ কৰিছিল৷ পিতৃৰ মৃত্যুৰ ছয় দিন পিছতেই সুদীর্ঘ ১৯ দিন জি এন আৰ চিৰ আই চি ইউত মৃত্যুৰে যুঁজঁ দি অৱশেষত যোৱানিশা আব্দুল কৰিমেও নিয়তিৰ ওচৰত হাৰ মানে৷ মৃত্যুৰ সময়ত তিনি নাবালিকা কন্যা, পত্নী, মাতৃ আৰু কনিষ্ঠ ভাতৃক এৰি থৈ যায়৷ ক’ভিড বিধি মানি আজি দিনৰ ১ বজাত জানাজা সম্পন্ন হয়৷

কৰিমৰ মৃত্যুত বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰমপুৰ শাখা সাহিত্য সভা, দৰং জিলা ছাত্র সন্থাৰ সভাপতি পৰাগ চহৰীয়া, বৰমপুৰ জ্যেষ্ঠ নাগৰিক সন্থা, বিধায়ক পৰমানন্দ ৰাজবংশী, প্রাক্তন সাংসদ মাধৱ ৰাজবংশী আদিয়ে শোক প্রকাশ কৰে৷

RELATED ARTICLES