peepl-small

জনপ্রিয় গীতিকাৰ সুৰকাৰ চন্দন কাকতিৰ বিয়োগ

PUBLISHED:

গুৱাহাটীঃ বহুকেইটা জনপ্রিয় গীতেৰে অসমবাসীৰ মনত সাঁচ পেলাবলৈ সক্ষম হোৱা গীতিকাৰ–সুৰকাৰ চন্দন কাকতি আৰু নাই৷ দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ থকা কাকতিৰ আজি বিয়োগ ঘটে৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা প্রায় ৪.৩৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ এই জনপ্রিয় গীতিকাৰ–সুৰকাৰ জনৰ বিয়োগত শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতত৷ উল্লেখ্য যে গুৱাহাটীৰ আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁৱত তেওঁ জন্মলাভ কৰিছিল৷ ১৯৭৭ চনৰ ২৭ জুলাইত জন্মলাভ কৰা চন্দন কাকতিয়ে পলাশবাৰী আঞ্চলিক হাইস্কুলত স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল৷ ইয়াৰ পাছত প্রাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যয়ন কৰা চন্দন কাকতিয়ে প্রথমে এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ কেইবাটাও জনপ্রিয় গীত ৰচনা কৰে৷ বিশেষকৈ জনপ্রিয় কণ্ঠশিল্পী বাবুৱে চন্দন কাকতিয়ে ৰচনা আৰু সুৰ কৰা শতাধিক গীতত কণ্ঠদান কৰিছে৷

‘অ’ চেনিমাই’, ‘বাৰিষাৰে বানত’, ‘বা ৰিবৰিব মলয়া’, ‘দুচকুৱে হাঁহে’ আদি চন্দন কাকতিৰ অত্যন্ত জনপ্রিয় গীত৷ তদুপৰি শ্রোতাৰ মাজত অত্যন্ত জনপ্রিয় ‘নাহৰ’ শীর্ষক বিহুগীত ৰচনা কৰিছিল চন্দন কাকতিয়ে৷ বাবু, জুবিন গার্গ, পাৰবিন পৰীকে ধৰি বহুসংখ্যক জনপ্রিয় কণ্ঠশিল্পীয়ে কাকতিয়ে ৰচনা কৰা গীতত কণ্ঠদান কৰিছিল৷ ২০১৮–১৯ বর্ষত ‘বাৰিষাৰ বানত’ শীর্ষক গীতৰ বাবে অসম সংগীত মহোৎসৱে চন্দন কাকতিক সন্মানিত কৰিছিল৷ পলাশবাৰী আঞ্চলিক হাইস্কুলৰ অৱসৰপ্রাপ্ত শিক্ষক প্রয়াত সুৰেন কাকতি আৰু নিৰুপমা কাকতিৰ সুযোগ্য সন্তান চন্দন কাকতিৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হয়৷ অশ্রুসিক্ত নয়নেৰে জনপ্রিয় গীতিকাৰগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে অনুৰাগীসকলে৷ ইয়াৰ পাছতে দুপৰীয়া চন্দন কাকতিৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ লগতে সমগ্র দক্ষিণ কামৰূপ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷

RELATED ARTICLES