peepl-small

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নির্দেশনা প্রকাশঃ পৰীক্ষা শেষ হোৱাৰ এঘণ্টাৰ ভিতৰত কৰিব লাগিব উত্তৰবহী আপলোড

PUBLISHED:

গুৱাহাটী: জুন মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা সন্দর্ভত মঙলবাৰে যাৱতীয় নির্দেশনাৱলী প্রকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ এই নির্দেশনা অনুসৰি ছাত্র–ছাত্রীসকলৰ উত্তৰবহীৰ মুঠ পৃষ্ঠা হ’ব লাগিব ১০৷

পিডিএফ ৰূপত আপলোড কৰা সময়ত পিডিএফৰ আকাৰ ৫ এমবিতকৈ কম হ’ব লাগিব৷ এই নির্দেশনাত কোৱা হৈছে যে প্রতিগৰাকী পৰীক্ষার্থীয়ে নিজৰ নিজৰ কম্পিউটাৰ বা স্মার্টফোনত প্রশ্নকাকত ডাউনলোড কৰিব পাৰিব৷ পৰীক্ষা আৰম্ভ হোৱাৰ আধাঘণ্টা আগত ছাত্র–ছাত্রীসকলে প্রশ্নকাকত ডাউনলোড কৰিব পাৰিব৷

তাৰ পাছত এ ফ’ৰ আকাৰৰ কাগজত উত্তৰসমূহ লিখিব লাগিব৷ তাৰ পাছত উত্তৰবহী স্কেন কৰি পিডিএফ আকাৰত ৱেবছাইটত আপলোড কৰিব লাগিব৷ পৰীক্ষা আৰম্ভ হোৱাৰ আধাঘণ্টা পাছৰ পৰা শেষ হোৱাৰ এঘণ্টাৰ ভিতৰত উত্তৰবহীৰ আপলোড সম্পূর্ণ হ’ব লাগিব৷ অর্থাৎ কোনো পৰীক্ষা ৯ বজাত আৰম্ভ হৈ ১২ বজাত শেষ হ’লে উত্তৰবহী ৯.৩০ বজাৰ পৰা দুপৰীয়া এক বজাৰ ভিতৰত আপলোড কৰিব পাৰিব৷

উত্তৰবহীৰ পিডিএফ ফাইল যাতে ৫ এমবিৰ অধিক নহয়, তাৰ বাবে পৰীক্ষার্থীসকলে বিশেষ মনোযোগ দিব লাগিব৷ স্মার্টফোন, কম্পিউটাৰ ইণ্টাৰনেট আদিৰ সুবিধা ছাত্র–ছাত্রীসকলে নিজে যোগাৰ কৰিব লাগিব৷

RELATED ARTICLES