peepl-small

৮ ঘণ্টাতকৈ অধিক সময় কর্মচাৰীক কামত খটুৱালে দিব লাগিব দুগুণ দৰমহা

PUBLISHED:

গুৱাহাটীঃ ২০২১ বর্ষটো আৰম্ভ হোৱাৰ প্রাক্ক্ষণত কর্মচাৰীলৈ এক সুখৰ বার্তা প্রেৰণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ কোনো প্রতিষ্ঠানে কর্মচাৰীক ৮ ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব৷ কর্মচাৰীক কৰা শোষণৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ ২০২১ৰ এপ্রিল মাহৰ পৰা এই নতুন আইন প্রযোজ্য হোৱাৰ সম্ভাৱনা আছে৷ ৮ ঘণ্টাতকৈ অধিক সময় কর্মচাৰীক কামত নিয়োজিত কৰিলে প্রতিষ্ঠানে দিব লাগিব দুগুণ দৰমহা৷ ইতিমধ্যে এইক্ষেত্রত সেউজ সংকেত দিছে কেন্দ্রীয় চৰকাৰে৷

লক্ষণীয় বিষয়টো হৈছে ৮ ঘণ্টা কাম কৰাৰ পিছত যদি কর্মচাৰীক অতিৰিক্তভাৱে ১৫ মিনিট সময়ো কোনো প্রতিষ্ঠানে কামত খটুৱায়, তেন্তে দিব লাগিব দিনটোৰ দুগুণ দৰমহা৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে নতুন আইন প্রণয়নৰ বাবে সাজু হোৱা বুলি এটা সূত্রই সদৰী কৰিছে৷

স্মর্তব্য যে বহু ব্যক্তিগত প্রতিষ্ঠানত কর্মচাৰীক ৮ ঘণ্টাতকৈ অধিক সময় খটুওৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিভিন্ন সময়ত উদ্যোগ, কাৰখানাসমূহত শ্রম শোষণক কেন্দ্র কৰি দেশত বিক্ষোভৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে যদি ঘোষণা কৰা অনুসৰি আইন প্রণয়ন কৰে, তেন্তে বহু কর্মচাৰী উপকৃত হ’ব৷

RELATED ARTICLES