peepl-small

বৰিপাৰাৰ হাউছিং কমপ্লেক্সত বিদ্যুৎ চুৰি

PUBLISHED:

গুৱাহাটী: মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হাউছিং কমপ্লেক্সৰ অট্টালিকাত বিদ্যুৎ চুৰিৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ জালুকবাৰী আৰক্ষীৰ সহযোগত এপিডিচিএলৰ জালুকবাৰী উপ–সংমণ্ডলে কালি চলোৱা অভিযানত এই তথ্য পোহৰলৈ আহে৷

প্রাপ্ত তথ্য অনুসৰি, উক্ত হাউছিং কমপ্লেক্সৰ এ বি আৰু চি ডি ব্লকত তিনিটা পানীৰ পাম্প এল টি লাইনৰ পৰা অকর্তৃত্বশীলভাৱে বিদ্যুৎ সংযোগ দিয়া হৈছে৷ একেদৰে কমপ্লেক্সৰ এফ ব্লকৰ এফ–১ ফ্লেটত এএছ–০১– ৬০৪৫৪ নম্বৰ মিটাৰ বাইপাছ কৰি বিদ্যুৎ চুৰি কৰা ধৰা পেলায়৷

ইপিনে, ফ্লেট নম্বৰ এফ–১০ত ৱাই–০৫–১১৬০৯ নম্বৰ মিটাৰ বাইপাছ কৰি বিদ্যুৎ চুৰি কৰাৰ তথ্য পোহৰলৈ আহে৷ ফ্লেট এফ–১২ত এ এছ–০১–৫৩৬১৯ মিটাৰ বাইপাছ কৰি বিদ্যুৎ চুৰি কৰা বুলি জানিব পৰা গৈছে৷ অভিযানকালত এপিডিচিএলৰ দলটোক কমপ্লেক্সৰ আৱাসীসকলে আক্রমণাত্মক ৰূপ ধাৰণ কৰে যদিও আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে৷ উল্লেখ্য যে শক্তিমন্ত্রী বিমল বৰাৰ নির্দেশৰ পাছতেই এপিডিচিএলৰ বিষয়া–কর্মচাৰীসক অধিক তৎপৰতাৰে অভিযান চলাই থকা পৰিলক্ষিত হৈছে৷ আছাম ষ্টেট হাউছিং ব’ডৰ কমিছনাৰৰ নামত থকা কমপ্লেক্সত এই বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত এপিডিচিএলৰ তৰফৰ পৰা জালুকবাৰী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ হাউছিং ব’ডৰ কমিছনাৰৰ নামত থকা কমপ্লেক্সত বিদ্যুৎ চুৰিকার্য ধৰা পৰাৰ পাছত সচেতন মহলে উদ্বিগ্ণতা প্রকাশ কৰিছে৷

ইপিনে, এপিডিচিএলৰ অভিযানকাৰী দলটোক উক্ত হাউছিং কমপ্লেক্সৰ আৱাসীসকলে ঘেৰাও কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত পৰৱর্তী সময়ত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ মন কৰিবলগীয়া এই যে শক্তিমন্ত্রী বিমল বৰাই বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ নির্দেশ দিয়াৰ পাছতেই এপিডিচিএলৰ বিষয়া–কর্মচাৰীসক তৎপৰতাৰে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

RELATED ARTICLES