peepl-small

লাচিত মৈদামৰ সন্মুখত ভৰত নৰহৰ প্রতিকৃতি দাহ

PUBLISHED:

গুৱাহাটীঃ  অসম বিধানসভাৰ মজিয়াত আহোম জনগোষ্ঠীক লৈ কংগ্রেছী বিধায়ক ভৰত নৰহে বিতর্কিত মন্তব্য কৰাৰ অভিযোগ তুলি এইবাৰ প্রতিবাদত নামিল তাই আহোম ছাত্র সন্থা, আহোম সেনাকে মুখ্য কৰি আহোম যুৱকসকল৷ বৃহস্পতিবাৰে যোৰহাট মহকুমা তাই আহোম ছাত্র সন্থা, আহোম সেনাৰ একাংশ বিষয়ববীয়াৰ লগতে জনগোষ্ঠীটোৰ একাংশ যুৱকে হাতত হেংদাং লৈ ওলাই আহে যোৰহাটৰ হোলাঙাপাৰস্থিত ঐতিহাসিক লাচিত মৈদামলৈ৷ জাতীয় বীৰগৰাকীৰ মৈদামৰ সন্মুখত নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহৰ প্রতিমূর্তিত জোতাৰ মালা পিন্ধাই পৰম্পৰাগত প্রথাৰে হেংদাঙেৰে শিৰশ্ছেদ কৰি দাহ কৰে আৰু বিধায়কগৰাকীয়ে কৰা বিতর্কিতসূচক মন্তব্যৰ বাবে ৰাজহুৱাকৈ আহোমসকলৰ ওচৰত ক্ষমা খোজাৰ দাবী তোলে৷

উল্লেখ্য যে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ মজিয়াত বিৰোধী বিধায়ক ভৰত নৰহে পূর্ববংগীয় মিঞাসকল আহোমসকলৰ আগতেই অসমলৈ অহা বুলি কৰা মন্তব্য তেওঁৰ তুষ্টিকৰণৰ কৌশল বুলি অভিহিত কৰিছে প্রতিবাদকাৰীসকলে৷ সম্পূর্ণ ক’ভিড প্রট’কল ৰক্ষা কৰি প্রতিবাদকাৰীসকলে হাতে হাতে ভৰত নৰহবিৰোধী প্লেকার্ড লৈ আহোমসকলক কৰা এনে অপমানসূচক মন্তব্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সকীয়নি দিয়ে৷ এই সন্দর্ভত প্রতিবাদকাৰীসকলে কয়– অবৈধ বাংলাদেশী মিঞাক এন আৰ চি বিষয়টোত ৰক্ষণাবেক্ষণ দিবলৈ গৈ ভৰত নৰহে কৰা মন্তব্য চৰম জাতিদ্রোহী৷ বুৰঞ্জী বিকৃত কৰা এনে ৰাজনীতিক কেৱল আহোমসকলৰে নহয়, সমগ্র অসমীয়া জাতিৰ কলংকস্বৰূপ৷ সেয়ে অসমৰ নতুন প্রজন্মক এনে ইতিহাস বিকৃতকাৰীৰ কবলৰ পৰা সুৰক্ষা দিয়াৰ স্বার্থত অনাগত দিনত আৰু অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলিও মন্তব্য দিয়ে৷

RELATED ARTICLES