peepl-small

বৰভূঁইকঁপ! ক’ত কি কি ঘটনাৰ সাক্ষী হ’ল অসমবাসী, হতাহত কিমান?

PUBLISHED:

গুৱাহাটী: ক’ভিডৰ আতংকৰ মাজতে ৰাজ্যবাসী সন্মুখীন হ’ল এক ডাঙৰ ভূমিকম্পৰ। ১৮৯৭ বা ১৯৫০ৰ ভূমিকম্পৰ তুলনাত কিছু সৰু হ’লেও ই কঁপাই দিয়ে সমগ্ৰ অসম। এই ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে নানা খবৰ।

ভূমিকম্পৰ ফলত ঘটে এনে ঘটনা

  • ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পথাৰত মাটি ফুটি হোৰাহৰে পানী ওলাই পথাৰ বোকাময় কৰি তোলে।
  • ওদালগুৰি জিলাৰ বনভোজথলী ভৈৰৱকুণ্ডৰ সুউচ্চ পাহাৰ খহি পৰে।
  • ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ তৰাজানৰ গড়জুলি নৈৰ শুকান পৃষ্ঠ ভৰি পৰে পানীৰে।
  • কামৰূপৰ আমিনগাঁৱৰ মৈৰাপট্টিৰ এঘৰ লোকৰ কুৱাৰ এটা ৰিং ভূমিকম্পৰ ফলত ওপৰলৈ উঠি আহে আৰু উক্ত ঠাইৰ ভূমিত ফাট মেলা দেখা যায়।
  • নগাঁৱৰ কাঠমিলত এটা চাৰিমহলীয়া অট্টালিকা হাউলী পৰে।
  • পুৰণিগুদামৰ মহামৃত্যঞ্জয় মন্দিৰত বৃহৎ ফাট। নৱনিৰ্মিত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰত স্পষ্ট হয় এই বৃহৎ ফাট।
  • উলুবাৰীৰ ‘Signature estates infinity’ এপাৰ্টমেণ্টৰ এটা ফ্লেটৰ ওপৰৰ ছাদত থকা পানীটেংকীৰ বেৰ ভঙাৰ লগতে ওপৰৰ ছাদত ফাট মেলাত পানীৰে ভৰি পৰে ফ্লেট।
  • গণেশগুৰিৰ বি কে টাৱাৰ, দিছপুৰ হাস্পতালৰ দেৱালত ফাট, উমানন্দ মন্দিৰৰ দেৱালত ফাট, হোটেল তাজ ভিভান্তা কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ লগতে ৰাজ্যৰ ভিন্ন বাসগৃহ কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।

ভূমিকম্পৰ ফলত হতাহত

  • ভূমিকম্পৰ ফলত চন্দ্ৰপুৰৰ প্ৰসন্ন কলিতা নামৰ এগৰাকী ৭০ৰ ঊৰ্ধ্বৰ লোকৰ হাৰ্ট এটাক হৈ মৃত্যু।
  • ভূমিকম্পৰ ভয়ত তিনিমহলীয়াৰ পৰা জঁপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰিবলৈ গৈ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে গুৱাহাটীৰ কালাপাহাৰৰ যুৱক খনীন্দ্ৰ ডেকাই। সম্প্ৰতি তেওঁ চিকিতসাধীন।
  • ভেটাপাৰাৰ ছবিৰুল হুছেইন নামৰ ২৮ বছৰীয়া এগৰাকী যুৱকৰ মূৰত ছাদৰ অংশবিশেষ খহি পৰাত গুৰুতৰভাৱে আহত হয়।
  • ছিপাঝাৰৰ চকৰিপাৰ গাঁৱত চৰকাৰী ঘৰ ভাঙি আঘাতপ্ৰাপ্ত উমাকান্ত ডেকা নামৰ এজন লোক। তেওঁ শুই থকা অৱস্থাতে ভূঁইকঁপত খহি পৰে ঘৰৰ মূধচ।
  • ভূমিকম্পৰ সময়ত আঘাতপ্ৰাপ্ত হয় অভিনেত্ৰী মাধুৰিমা চৌধুৰী। ভূমিকম্পত আতংকিত হৈ দৌৰতে পিছলি পৰে চৌধুৰী। ফলত হাত ভাঙে চৌধুৰীৰ।

RELATED ARTICLES