peepl-small

তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত ড্রাই ডে’ ঘোষণা

PUBLISHED:

গুৱাহাটীঃ ৬ এপ্রিলত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কৈলাস কার্তিক এনে আজি সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈকে জিলাখনত ড্রাই ডে’ ঘোষণা কৰিছে৷

এই সন্দর্ভত জাৰি কৰা নির্দেশটোত কোৱা হয় যে ড্রাই ডে’ৰ সময়ছোৱাত সকলো ধৰণৰ বণ্ডেড ৱেৰহাউছ, বিলাতী সুৰাৰ বিপণীৰ লগতে দেশীয় সুৰাৰ বিপণী বন্ধ থাকিব৷

তদুপৰি, ভোট গণনাৰ অর্থাৎ ২ মে’ৰ দিনটো ভোট গণনা সমাপ্ত নোহোৱা পর্যন্ত সময়ছোৱা ড্রাই ডে’ হিচাপে থাকিব৷

ইপিনে, আজি বিয়লি ৬ বজাৰ পৰা তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত অহা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈ ড্রাইডে’ ঘোষণা কৰিছে প্রশাসনে৷ এই সময়ছোৱাত বণ্ডেড ৱেৰহাউছ, দেশীয় আৰু বিলাতী সুৰা বিপণী, বাৰসমূহ বন্ধ থকাৰ লগতে সুৰা সৰবৰাহ, মজুতকৰণ, সেৱন নিষিদ্ধ কৰিছে৷

RELATED ARTICLES