peepl-small

এমাহতে ২৩.৮০ কোটিৰ ড্রাগ্ছ জব্দ; গ্রেপ্তাৰ ৫০০: মুখ্যমন্ত্রী ড০ শর্মা

PUBLISHED:

গুৱাহাটী: অসমক ভয়ানক ৰূপত ড্রাগ্ছে ছানি ধৰিছে৷ এটা মাহৰ ভিতৰতে ২৩.৮০ কোটি টকাৰ ড্রাগ্ছ জব্দৰ লগতে এই সংক্রান্তত প্রায় ৫০০ লোকক গ্রেপ্তাৰ কৰা হৈছে৷ বৃহস্পতিবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰি কয় যে ম্যানমাৰ সীমান্তৰ পৰা ৰাজ্যখনত অবাধ ড্রাগ্ছৰ প্রচলন চলি আহিছে৷ পূর্বতে অসমৰে ড্রাগ্ছৰ সৰবৰাহ আছিল৷ ইয়াত ড্রাগ্ছৰ প্রচলন নাছিল৷ কিন্তু এইবাৰ নির্বাচনী প্রচাৰৰ সময়ত বিভিন্ন স্থানত বহু পিতৃ–মাতৃয়ে তেওঁলোকৰ সন্তান ড্রাগ্ছৰ কবলত পৰাৰ বিষয়ে তেওঁক অৱগত কৰে৷ ড্রাগ্ছৰ কবলত পৰা সেইসকল ল’ৰা–ছোৱালীয়ে আনকি পিতৃ–মাতৃকো মাৰপিট কৰাৰ লগতে মাটি–বাৰী পর্যন্ত বিক্রী কৰি সামাজিক ব্যাধিৰ সৃষ্টি কৰি আহিছে৷ সেয়ে নতুন চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰিয়েই আৰক্ষীক ড্রাগ্ছৰ বিৰুদ্ধে দ্বিধাহীন সংগ্রাম শূন্যসহনশীলতাৰে চলাই যোৱাৰ নির্দেশ দিয়ে৷

বর্তমানলৈকে চলি থকা অভিযানক লৈ মুখ্যমন্ত্রী ড০ শর্মা সন্তুষ্ট নহয় বুলি উল্লেখ কৰি কয় যে ড্রাগ্ছৰ প্রচলন ৰোধৰ বাবে বহু কৰিবলগীয়া আছে৷ ড্রাগ্ছৰ প্রচলন আৰু সৰবৰাহ সম্পূর্ণৰূপে বন্ধ নোহোৱালৈ এই সংগ্রাম শূন্যসহনশীলতাৰে চলি থাকিব বুলি তেওঁ উল্লেখ কৰে৷ এটা মাহত ৰাজ্যখনত ২৩,৮০,৫৪,৭৪০ টকাৰ ড্রাগ্ছ জব্দৰ লগতে প্রায় ৫০০জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৭,৯৮,৬৮,০০০ টকা মূল্যৰ হেৰ’ইন, ৬,১০,৩৯,০৪৯ টকা মূল্যৰ গাঞ্জা, ৯,২,৬০,৭০০ টকা মূল্যৰ টেবলেট, ৫০ হাজাৰ টকাৰ মৰফিন, ৩৮,৬৮,৫০০ টকা মূল্যৰ কফ ছিৰাপ, ১১,০০,৭৫০ টকা মূল্যৰ অ’পিয়াম, নিচাজাতীয় সামগ্রী জব্দ কৰা হৈছে৷

আনকি কালি পুৱতিনিশাই মহানগৰ আৰক্ষীয়ে যোৰাবাটৰ পৰা ৫৫ লাখ টকা মূল্যৰ নিচাজাতীয় ছিৰাপ জব্দ কৰিছে৷ ফ’ৰেনছিকৰ তদন্তৰ অভাৱত যাতে অপৰাধীসকল সাৰি যাব নোৱাৰে তাৰ বাবে ৰাজ্যখনত ৭টাকৈ নতুন ফ’ৰেনছিক লেব’ৰেটৰী স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ড্রাগ্ছবিৰোধী অভিযানৰ লগে লগে পুনৰ সংস্থাপনৰ কেন্দ্র স্থাপনৰ প্রসংগ উত্থাপন হৈছে৷ অহা জুলাই মাহত হ’বলগীয়া বাজেটত পুনৰ সংস্থাপন কেন্দ্রৰ পৰিধি বঢ়োৱাৰ চেষ্টা কৰা হ’ব৷

সেইদৰে গৰুৰ চোৰাং ব্যৱসায় ৰোধৰ বাবেও বর্তমানৰ চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ প্রচলিত আইন অনুসৰি ৰাজ্যখনৰ ভিতৰত গৰু সৰবৰাহত বাধা দিব নোৱাৰে৷ সীমান্তৰে বাংলাদেশত চালানতহে বাধা দিব পাৰে৷ কিন্তু বহু সময়ত অসমৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহ কৰি ডাউকী সীমান্তৰে বাংলাদেশত গৰু চালান দিয়া হয়৷ ৰাজ্য চৰকাৰে অহা জুলাই মাহত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত গৰুৰ সৰবৰাহ বন্ধ কৰাৰ বাবে এখন কঠোৰ আইন প্রণয়ন কৰিব৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই বর্তমানৰ চৰকাৰৰ দুই মন্ত্রী অশোক সিংহল আৰু সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপন হোৱা দুর্নীতিৰ অভিযোগ খণ্ডন কৰি কয় যে জিএমডিএৰ কোনো ফ্লেট গোপনে বিক্রী হোৱা নাই৷ জিএমডিএৰ ফ্লেটসমূহৰ সংৰক্ষিত চৰকাৰী মূল্য হৈছে ২৬ লাখ টকা৷ কোনো ফ্লেট কোনো এনজি’ৰ বাবে সংৰক্ষণ কৰা নাই৷ চৰকাৰী সংৰক্ষিত মূল্যতকৈ বন্ধ খামত যিয়ে অধিক মূল্য দিব, তেৱেঁই সেই ফ্লেট লাভ কৰিব৷ সম্পূর্ণ স্বচ্ছতাৰে ৰাজহুৱাভাৱে সেই ফ্লেটৰ আবণ্টন দিয়া হ’ব৷ একেদৰে মন্ত্রী সঞ্জয় কিষাণৰ বিভাগত নিযুক্তি কেলেংকাৰিৰ অভিযোগৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ চৰকাৰৰ দিনত কোনো নিযুক্তি হোৱা নাই৷ যি নিযুক্তি হৈছিল সেয়া পূর্বৰ চৰকাৰৰ আমোলত হোৱা৷

RELATED ARTICLES