peepl-small

ড্রাগ্ছ–নগদ ধনসহ ৪জনক গ্রেপ্তাৰ

PUBLISHED:

মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ লতাশিল থানাৰ আৰক্ষীয়ে বিগত দুটা দিনত কেইবাটাও স্থানত অভিযান চলাই ড্রাগ্ছ, নগদ ধনসহ ৪টাকৈ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটা ক্রমে মিজানুৰ ৰহমান, আব্দুল ফাৰুক, অমৃত দাস আৰু চৰফৰাজ আহমেদ৷

আৰক্ষীৰ অভিযানত ৫টা চাবোনৰ বাকচত ভৰাই অনা ৭০ গ্রাম হে’ৰইন, ৫৫টা খালী কণ্টেইনাৰ, নগদ ৪২,২০০ টকা, ৫টা ম’বাইল আৰু এ এছ–০১ ডি কে–৮৯১৪ নম্বৰৰ এখন স্কুটী জব্দ কৰিবলৈ সক্ষম হয়৷ লতাশিল থানাত ৰুজু হোৱা ২৭২/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে এতিয়ালৈকে ১৩টা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

RELATED ARTICLES