peepl-small

মহানগৰীৰ অলংকাৰৰ বিপণীত ড্রাগ্ছৰ বেহা

PUBLISHED:

গুৱাহাটীঃ সামাজিক মহাব্যাধিত পৰিণত হোৱা ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পাছত সমগ্র অসমত ড্রাগ্ছৰ ঘাটি উৎখাতত নামি পৰিছে আৰক্ষী বাহিনী৷ কালিৰ দিনটোত ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত ৪২জন ব্যক্তিক গ্রেপ্তাৰ কৰাৰ লগতে জব্দ হৈছিল ১,১৪৪.৮৪৩ গ্রাম হেৰ’ইন, ২.২৫০ কিলোগ্রাম গাঞ্জা আৰু ৭১,৭৩০টা নিচাযুক্ত টেবলেট৷ এই অভিযানৰ পাছতে আৰক্ষীৰ হাতত আহি পৰে ড্রাগ্ছ সাম্রাজ্যৰ বৃহৎ নেটৱর্ক সম্পর্কীয় বহু গুৰুত্বপূর্ণ তথ্য৷ এই তথ্যৰ আধাৰতে আজিও গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে৷

নুনমাটি, পল্টনবজাৰ আৰু মালিগাঁৱত অভিযান চলাই আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ নুনমাটি আৰক্ষীয়ে আজি নুনমাটিৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সন্মুখত ড্রাগ্ছ বিক্রী কৰি থকা অৱস্থাত হাতে–লোটে গ্রেপ্তাৰ কৰে জিতু গোৱালা (২৭) নামৰ এজন যুৱকক৷ ড্রাগ্ছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে বুজন পৰিমানৰ ড্রাগ্ছ ভর্তি কনটেইনাৰ, চিৰিঞ্জ আৰু বহু আপত্তিজনক নথিপত্র জব্দ কৰে৷ নুনমাটিৰ এ চি পি নীলোৎপল ডেকাই সাধাৰণ গ্রাহকৰ বেশত আজি এই অভিযান চলায়৷ কালিও মঠঘৰীয়াৰ পৰা আৰক্ষীয়ে অশোক চন্দ্র দাস নামৰ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছিল৷ ইপিনে, মহানগৰীৰ পল্টনবজাৰত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায়৷

ক্রাইম ব্রাঞ্চৰ অভিযানকাৰী দলে পল্টনবজাৰৰ সাগৰৰত্ন কমপ্লেক্সত থকা হীৰালাল জুৱেলাৰীৰ পৰা ড্রাগ্ছসহ চাৰিজন ব্যক্তিক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ জালত পৰা লোককেইজন হ’ল বিনোদ শর্মা, বিশাল সিং, বিপুল মিশ্র আৰু অতুল বেজবৰুৱা৷ বিনোদ শর্মাৰ মতে বিশাল সিঙে ড্রাগ্ছ আনি গোপনে তেওঁৰ জুৱেলাৰীৰ ডাষ্টবিনত ৰাখিছিল৷ ইপিনে, বিশাল সিঙে গান্ধীবস্তিৰ চাহিল নামৰ এজন ব্যৱসায়ীৰ পৰা নিষিদ্ধ সামগ্রী ক্রয় কৰাৰ কথা স্বীকাৰ কৰিছে৷ জব্দ হোৱা ড্রাগ্ছখিনিৰ মূল্য প্রায় ৬ লাখ টকা৷ মালিগাঁৱৰ ৩নং ৰে’লৱে গেটতো আৰক্ষীৰ জালত পৰে তুছুৰ আলী নামৰ এজন ড্রাগ্ছ সৰবৰাহকাৰী৷ এই লোকজনৰ পত্নীও ড্রাগ্ছ বিক্রীৰ লগত জড়িত৷ আৰক্ষীয়ে মাৰাত্মক নিচাযুক্ত সামগ্রীৰ সৰবৰাহত জড়িত তুছুৰৰ বিলাসী বাইক এখনো আজি জব্দ কৰে৷ এইদৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন প্রান্ততো অব্যাহত আছে আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ অহা সময়ছোৱাত নিষিদ্ধ নিচাযুক্ত সামগ্রীৰ ক্রয়–বিক্রয়ৰ লগত জড়িত বহু লোক জালত পৰিব বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷

শিৱসাগৰতো চলিছে ড্রাগ্ছৰ বিৰুদ্ধে জোৰদাৰ অভিযান

নৱনিযুক্ত চৰকাৰখনৰ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাই কার্যভাৰ গ্রহণ কৰিয়েই মাৰাত্মক ড্রাগছৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতিক একমুখে আদৰণি জনাইছে ঐক্য সেনা, অসমৰ কেন্দ্রীয় সমিতিয়ে৷ আজি কাকতলৈ প্রেৰণ কৰা এক বিবৃত্তিত কেন্দ্রীয় সভাপতি দেৱজ্যোতি শর্মা আৰু সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই ড্রাগ্ছৰ দৰে মাৰাত্মক বৰবিহৰ গ্রাসত সমগ্র ৰাজ্যখনৰে উঠি অহা নতুন প্রজন্মটো সোমাই পৰিছে বুলি উল্লেখ কৰাৰ লগতে ইটোৰ পাছত সিটো ড্রাগ্ছ মাফিয়া, সৰবৰাহকাৰী, সেৱনকাৰী জালত পেলাবলৈ সক্ষম হোৱা কার্যক আদৰণি জনাইছে৷ উল্লেখ্য যে ঐক্য সেনা, অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই কুৰিগৰাকী যুৱক–যুৱতীক লৈ ড্রাগ্ছৰ বিৰুদ্ধে সুদীর্ঘ আঠটা বছৰ ধৰি নিৰলস প্রচেষ্টা চলাই আহিছে৷ ২০১৩ চনৰ পৰাই নৱ উদিত সমাজ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত নগাঁও, মৰিগাঁও, যোৰহাট, মাজুলী, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্রুগড জিলাত ধাৰাবাহিকভাৱে ড্রাগছৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা অভিযান চলাই আহিছে৷ ড্রাগ্ছমুক্ত অসম গঢ়োঁ আহক শীর্ষক শ্লোগান সন্মুখত লৈ আগবাঢ়ি যোৱা ফৰিদ ইছলাম হাজৰিকা নেতৃত্বাধীন দলটোৱে উল্লিখিত কেউখন জিলাত বিগত সময়ছোৱাত ৫,৪৫০জন ড্রাগ্ছ আসক্ত যুৱকৰ কাষলৈ গৈ এই সন্দর্ভত সজাগতাৰ প্রচাৰ চলায়৷ ইয়াৰ উপৰি বৰবিহ ড্রাগ্ছৰ কবলত পৰি জীৱনৰ ছন্দ হেৰুৱাই এক মানসিক ভাৰসাম্যহীন অৱস্থালৈ গতি কৰা প্রায় ২০গৰাকী যুৱকক উদ্ধাৰ কৰি এক নতুন জীৱনদান কৰিছে৷ মুখ্যমন্ত্রীৰ নির্দেশত শিৱসাগৰ আৰক্ষীয়েও ড্রাগ্ছবিৰোধী অভিযান জোৰদাৰ কৰি তুলিছে৷

RELATED ARTICLES