peepl-small

ড্রাগ্ছৰ হটস্পট নগাঁৱত জব্দ ৬০ কার্টন নিচাযুক্ত সামগ্রী, ঔষধ বিক্রেতাই চলাইছিল ড্রাগ্ছৰ বেহা

PUBLISHED:

গুৱাহাটী: নিষিদ্ধ ড্রাগ্ছৰ কৰাল গ্রাসত সোমাই পৰিছে অসমৰ চহৰ–নগৰ, গাঁও–ভূঁই৷ অসমৰ সমাজ জীৱন ভয়াৱহ ড্রাগ্ছে কিদৰে খুলি খুলি খাইছে, সেয়া অসম আৰক্ষীৰ শেহতীয়া ড্রাগ্ছবিৰোধী অভিযানৰ সময়ত স্পষ্ট ৰূপত পোহৰলৈ আহিছে৷ কেৱল চহৰাঞ্চলতে নহয়, ভিতৰুৱা গাঁৱতো বহু লোক ড্রাগ্ছৰ নিচাত আসক্ত হৈ পৰিছে৷ কাৰোবাৰ সন্তান যদি নিষিদ্ধ নিচাৰ কবলত পৰি ধ্বংসৰ মুখত পতিত হৈছে, আন কাৰোবাৰ স্বামীৰ নিচাসক্তিৰ বাবে একো একোটা পৰিয়াললৈ হাহাকাৰ নামি আহিছে৷

সামাজিক ব্যাধিত পৰিণত হোৱা ড্রাগ্ছৰ প্রচলন যিকোনো পৰিস্থিতিতে বন্ধ কৰিবলৈ কঠোৰ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ পিছতে ৰাজ্যৰ প্রান্তে প্রান্তে ড্রাগ্ছবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে৷ কালি নিশা মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই অভিযান চলাই জালুকবাৰী আৰু কামাখ্যা গেটৰ পৰা তিনিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জালুকবাৰীৰ গাড়ীগাঁৱৰ পৰা গ্রেপ্তাৰ হোৱা ৰাজীৱ আলী আৰু ৰঞ্জিত সোণাৰৰ পৰা আৰক্ষীয়ে ১০ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰে৷

ইপিনে, কামাখ্যা গেটৰ দুর্গা সৰোবৰত আৰক্ষীৰ জালত পৰা জিতেন দাস নামৰ সৰবৰাহকাৰীজনৰ পৰাও কেইবাটাও কণ্টেইনাৰ উদ্ধাৰ হয়৷ ড্রাগ্ছবিৰোধী অভিযান পূর্ণগতিত অব্যাহত আছে নগাঁও জিলাতো৷ কালি এক অভিযানৰ সময়ত কুখ্যাত মাফিয়া মনচুৰ আলী গুলীবিদ্ধ হোৱাৰ পিছত নিশাই আন এক বৃহৎ ড্রাগ্ছৰ ঘাটি উৎখাত কৰে নগাঁও আৰক্ষীয়ে৷ নগাঁও চহৰ নিৱাসী এনফ’চমেণ্ট পৰিদর্শক বীৰেন দাসৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি দীর্ঘদিনৰ পৰা ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছিল মোজাম্মিল ৰহমান নামৰ এজন লোকে৷ বীৰেন দাসৰ পুত্র তথা পাইকাৰী ঔষধ বিক্রেতা হেমন্ত কুমাৰ দাসো বিভিন্ন স্থানলৈ ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত আছিল৷ তেওঁলোক দুজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে ৬০ কার্টন নিচাযুক্ত সামগ্রীও জব্দ কৰে৷ একে সময়তে জখলাবন্ধাৰ কৃষ্ণমণি দাস আৰু চামগুৰিৰ আমিৰ হামজা নামৰ আন দুজন সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰিছে৷

যোৰহাট জিলাৰ বৰহোলাৰ ৰাজাবাৰী সোণোৱাল গাঁৱত দীর্ঘদিনৰ পৰা ৰাজীৱ সোণোৱাল আৰু কৰবী সোণোৱাল নামৰ এহাল স্বামী–স্ত্রীয়ে ড্রাগ্ছৰ বেহা চলাই আহিছিল৷ আজি আৰক্ষীয়ে তেওঁলোকৰ ঘৰত অভিযান চলাই ২৬১টা নিচাযুক্ত টেবলেট জব্দ কৰে৷ ৰাজীৱ সোণোৱালে পলায়ন কৰে যদিও কৰবী সোণোৱালক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণৰ ব্যৱস্থা কৰে৷ জিলাখনৰ বাহনাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে জনার্দন দাস আৰু দেৱ দাস নামৰ দুজন ব্যৱসায়ী আৰু সৰবৰাহকাৰীক৷ অসম–ৰুণাচল সীমান্তৰ জোনাইৰ লাইমেকুৰীত আৰক্ষীৰ জালত পৰে প্রভাকৰ পেগু নামৰ এজন ড্রাগ্ছ ব্যৱসায়ীৰ লগতে ৫জন ড্রাগ্ছ আসক্ত৷ ধুবুৰীৰ গৌৰীপুৰৰ পৰা ১৬ গ্রাম ব্রাউন ছুগাৰসহ গ্রেপ্তাৰ হয় আলিফুদ্দিন আলী আৰু মনিছুৰ আলী৷ একেদৰে পলাতক অৱস্থাত থকা ছয়গাঁৱৰ জোৰশিমুলীৰ ড্রাগ্ছ ব্যৱসায়ী নৌশাদ আলীও কালি নিশা আৰক্ষীৰ জালত পৰে৷

জামুগুৰিত আৰক্ষীৰ অভিযানৰ খবৰ পাই ব্যৱসায়ী ধর্মেশ্বৰ নায়কে পলায়ন কৰে যদিও ৯.৮৩ কিলো গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে, বাক্সা জিলাৰ শিমলা আৰক্ষীয়ে বৰপেটাৰ পৰা ৬.৯২ গ্রাম হেৰ’ইনসহ আমিনুল খান আৰু নবিয়ছ খান নামৰ দুজন ব্যৱসায়ীক কৰায়ত্ত কৰে৷ চৰাইদেউত এগৰাকী মহিলাৰ পৰা বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ জব্দ হয়৷ এইদৰে ৰাজ্যৰ সর্বত্র অসম আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ একে সময়তে উন্মোচিত হৈছে অসমত বিয়পি থকা ড্রাগ্ছ সাম্রাজ্যৰ ভয়ানক ছবিখন৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে সদৰী কৰা মতে, শুকুৰবাৰৰ দিনটোত অসম আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযানত ২৩টা গোচৰ ৰুজু হোৱাৰ লগতে ৫৪জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ জব্দ হৈছে ২৩৭.৩৭ গ্রাম হেৰ’ইন, ১৬.৬১৪ কেজি গাঞ্জা, ১৭৯ বটল কফ ছিৰাপ, ৪,৭৪৪টা নিচাযুক্ত টেবলেট আৰু ১.৯৪ লাখ টকা নগদ ধন৷

 

RELATED ARTICLES