peepl-small

এটি পাৰৰ পাখিত দেশৰ ২০গৰাকী মহিলা স্বাধীনতা সেনানীৰ প্রতিকৃতি অংকন

PUBLISHED:

গুৱাহাটী: এটা পাৰৰ পাখিত দেশৰ স্বাধীনতা সংগ্রামৰ প্রাতঃস্মৰণীয় কুৰিগৰাকী মহিলা সেনানীৰ প্রতিকৃতি অংকন৷ সাধাৰণ দৃষ্টিত দুঃসাধ্য৷ পিছে ঐকান্তিক সাধনা আৰু একাগ্রতাৰে এই অভিনৱ দৃষ্টিনন্দন শিল্পকর্ম সম্পন্ন কৰি দেশ–বিদেশৰ কলা অনুৰাগীৰ দ্বাৰা বহুলভাৱে প্রশংসিত হৈছে এগৰাকী প্রতিভাৱান অসম কন্যা৷

তেওঁ হ’ল গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ জয়ানগৰ নামঘৰৰ চন্দ্রধৰ ডেকা আৰু প্রয়াত অনুপমা দাসৰ কন্যা হিমা ডেকা৷ ২৪ বছৰীয়া তৰুণী হিমা ডেকাই নিজৰ শিল্পকর্মৰ বাবে অকল প্রশংসিত হোৱাই নহয়, ইণ্ডিয়া বুক অৱ ৰেকর্ডছত ৰাষ্ট্রীয় ৰেকর্ড–আছাম বুক অৱ ৰেকর্ডছত বিশ্ব ৰেকর্ড গঢ়িবলৈ সক্ষম হোৱাৰ লগতে এছিয়া বুক অৱ ৰেকর্ডছতো নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷

মন কৰিবলগীয়া যে ইয়াৰ বাবে হিমা ডেকাক ৱ’ল্ড ৰেকর্ড বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেটৰ বাবে মনোনীত কৰিছে৷ হিমা ডেকাৰ এই শিল্পকর্মত স্থান লাভ কৰিছে দেশৰ স্বাধীনতা সংগ্রামখনলৈ অনবদ্য অৱদান আগবঢ়োৱা কনকলতা বৰুৱা– চন্দ্রপ্রভা শইকীয়ানী–পুষ্পলতা দাসৰ উপৰি পার্বতী গিৰি, ঊষা মেহতা, সুচেতা কৃপালিনী, ৰাণী গাইডিনলিউ, কস্তুৰবা গান্ধী, তাৰা ৰাণী শ্রীবাস্তৱ, ৰাণী লক্ষ্মীবাঈ, অমৃত কৌৰ, কিট্টুৰ ৰাণী চেন্নাম্মা, দুর্গাবাঈ দেশমুখ, সৰলা দেৱী সাধুৰাণী, সৰোজিনী নাইডু, অৰুণা আচফ আলী, সাবিত্রীবাঈ ফুলে, কমালদেৱী চট্টোপাধ্যায়, বেগম হজৰত মহল, মেডাম বিকাজী কামা আৰু কনকলতা বৰুৱা৷

শিল্পী হিমা ডেকাই জানিবলৈ দিয়া মতে গুৰিসহ পাৰৰ পাখিটোৰ দৈর্ঘ্য হৈছে ১৪.৫ চেণ্টিমিটাৰ৷ ইয়াৰে ১২ চেণ্টিমিটাৰ দৈর্ঘ্যৰ পাখিটোত ২০গৰাকী মহিলা স্বাধীনতা সংগ্রামীৰ প্রতিকৃতি ১৪ ঘণ্টাৰ ভিতৰত অংকন কৰা হৈছে৷ ০.৬ৰ পৰা ১.২ চেণ্টিমিটাৰ জোখৰ একোখন প্রতিকৃতি অংকন কৰোঁতে প্রায় ৩০–৪৫ মিনিট সময়ৰ প্রয়োজন হৈছিল বুলি চিত্রশিল্পীগৰাকীয়ে জানিবলৈ দিয়ে৷

RELATED ARTICLES