peepl-small

কর্ণাটক এনআইটিৰ অধ্যাপক ড০ পৰেশ চন্দ্র ডেকাৰ ক’ভিডত মৃত্যু

PUBLISHED:

গুৱাহাটীঃ অতিমাৰী ক’ভিড–১৯ত আক্রান্ত হৈ মাংগালোৰত মৃত্যু হয় কর্ণাটক এন আই টিৰ অধ্যাপক ড০ পৰেশ চন্দ্র ডেকাৰ৷ ৰাষ্ট্রীয় প্রযুক্তি প্রতিষ্ঠানৰ এপ্লাইড মেকানিক্ছ বিভাগৰ অধ্যাপক ড০ ডেকাক মাংগালোৰৰ শ্রীনিৱাস ইনষ্টিটিউট অৱ মেডিকেল কলেজ হাস্পতালত ২৬ এপ্রিলত ভর্তি কৰোৱা হৈছিল যদিও আজি তেওঁৰ মৃত্যু হয়৷ কাইলৈ মাংগালোৰত ক’ভিড প্রট’কল অনুসৰি তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব৷

নলবাৰীৰ বিদ্যাপুৰ নিৱাসী ড০ ডেকাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৮ বছৰ৷ গুৱাহাটীৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ পৰা শিক্ষকতাৰ জীৱন আৰম্ভ কৰা ড০ ডেকাই বিগত ১৫ বছৰত দেশ–বিদেশৰ কেইবাখনো উচ্চ শিক্ষা প্রতিষ্ঠানত অধ্যাপনা কৰিছিল৷ ইথিওপিয়াৰ আবা মিন্ছ বিশ্ববিদ্যালয়তো চাৰি বছৰ ধৰি অধ্যাপনা কৰা ড০ ডেকাই কর্ণাটক এন আই টিৰ ৱাটাৰ ৰিছ’চ এণ্ড অ’ছেন ইঞ্জিনীয়াৰিং বিভাগৰ গুৰুদায়িত্বত আছিল৷ ড০ ডেকাৰ প্রণয়িত কেইবাখনো গ্রন্থই দেশ–বিদেশত অভিযান্ত্রিক ছাত্র–ছাত্রীসকলক উপকৃত কৰিবলৈ সক্ষম হৈছে৷ অত্যন্ত সহজ–সৰল ড০ ডেকাৰ আকস্মিক বিয়োগত তেওঁৰ শুভাকাংক্ষীসকল মর্মাহত হৈছে৷

নলবাৰী কলেজৰ প্রাক্তন ছাত্র ড০ পৰেশ চন্দ্র ডেকাৰ মৃত্যুত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মা, উপ–সভাপতি অতুল শর্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই এক প্রেছ বিজ্ঞপ্তিযোগে গভীৰ শোক প্রকাশ কৰি তেওঁৰ পত্নী জনপ্রিয় কবি ৰুমী ঠাকুৰীয়া আৰু একমাত্র কন্যালৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ অসম সাহিত্য সভাৰ কার্যনির্বাহক ডাঃ বিপিন চন্দ্র কলিতা আৰু সাংগঠনিক সম্পাদক গোবিন্দ চন্দ্র কলিতায়ো মেধাৱী অধ্যাপকগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰে৷

RELATED ARTICLES