peepl-small

বিশিষ্ট অনুবাদক–সমালোচক ড০ দিলীপ বৰুৱাৰ দেহাৱসান

PUBLISHED:

গুৱাহাটীঃ  অসমৰ সাহিত্য জগতত গভীৰ শূন্যতাৰ সৃষ্টি কৰি নীৰৱে আঁতৰি গ’ল বিশিষ্ট সাহিত্যিক, সমালোচক, শিক্ষাবিদ ড০ দিলীপ বৰুৱা৷ বহু মূল্যৱান গ্রন্থৰে অসমীয়া সাহিত্য জগতৰ ভঁৰাল চহকী কৰা ড০ বৰুৱাৰ আজি বিয়োগ ঘটে৷ যোৰহাটৰ চোলাধৰাৰ নিজা বাসগৃহত পুৱা ৮.৩০ বজাত বার্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ৷ এইগৰাকী বিশিষ্ট সাহিত্যিকৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাহিত্য জগতত৷

উল্লেখ্য যে ১৯৩২ চনৰ ২৯ জুনত যোৰহাটত জন্মগ্রহণ কৰিছিল ড০ বৰুৱাই৷ হেজাৰীগাঁও প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰা সাহিত্যিক, সমালোচকগৰাকীয়ে যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্রহণ কৰে৷ ইয়াৰ পাছত তেওঁ সেই সময়ৰ কটন মহাবিদ্যালয়ত নামভর্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্রা গ্রহণ কৰে৷ বাৰাণসীৰ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ তদুপৰি ইংলেণ্ডৰ লীডছ বিশ্ববিদ্যালয়তো স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে৷ পৰৱর্তী সময়ত ইংলেণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে৷ তীক্ষ্ণ মেধাসম্পন্ন ড০ বৰুৱাই কেইবাখনো

উল্লেখযোগ্য শিক্ষা প্রতিষ্ঠানত অধ্যাপনা কৰে৷ শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত ১৯৫৫ চনত তেওঁ অধ্যাপক হিচাপে যোগদান কৰে৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁ সেই সময়ৰ কটন কলেজত ১৯৫৬ চনৰ পৰা ১৯৬০ চনলৈ শিক্ষকতা কৰে৷ ১৯৬৬ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে৷ সমান্তৰালভাৱে ১৯৬৮ চনৰ পৰা ১৯৭৭ চনলৈ তেওঁ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও কার্যনির্বাহ কৰে৷ তদুপৰি ১৯৭৭ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ পশ্চিমবংগৰ বর্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যপক হিচাপে দায়িত্ব পালন কৰে৷

একেই সময়তে ড০ বৰুৱাই পশ্চিমবংগৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয়, হিমাচল প্রদেশৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজত অতিথি অধ্যাপক হিচাপেও কার্যনির্বাহ কৰে৷ তেওঁ ৰচনা কৰা ইংৰাজী গ্রন্থসমূহৰ অন্যতম হৈছে– এডৱার্ড কার্পেণ্টাৰ ঃ এণ্ড এপ’চেল অৱ ফ্রীডম, হুইস্পাৰিং ৰীডছ আৰু অন দ্য থ্রেছহ’ল্ড৷ তেওঁ ৰচনা কৰা মৌলিক গ্রন্থ হৈছে অবান্তৰ৷ তদুপৰি তেওঁ কেইবাখনো ইংৰাজী গ্রন্থ অসমীয়া ভাষালৈ অনূদিত কৰিছে৷ তেওঁ অনূদিত গ্রন্থ হৈছে– ছন পৰা মাটি আৰু আধুনিক মহাদেশীয় কবিতা৷

ড০ বৰুৱাৰ সমালোচনামূলক গ্রন্থসমূহ হৈছে– কবিতাৰ ভৱিষ্যতঃ পঞ্চদশকৰ সাহিত্য পৰম্পৰা, যোৱা শতিকাৰ কবিতা, অসমীয়া নৱন্যাসী সাহিত্যৰ পৰম্পৰা, স্বগতোক্তি, আত্মকথাৰ আধাৰত৷ তেওঁৰ ইংৰাজী আৰু অসমীয়াত লিখিত বিভিন্ন বিষয়ৰ নানা প্রবন্ধ কাকত, আলোচনীত প্রকাশ পাইছে৷ যোৰহাটত ভোগদৈপৰীয়া সাহিত্য বঁটাপ্রাপক ড০ দিলীপ বৰুৱাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে ভালেসংখ্যক গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ যোৰহাটতে তেওঁৰ অন্তিম সৎকাৰ কৰা হয়৷ মৃত্যুৰ সময়ত তেওঁ দুজন পুত্র এৰি থৈ যায়৷ এইগৰাকী বিশিষ্ট সাহিত্যিকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত ড০ শর্মাই কয়– ‘বিশিষ্ট সাহিত্যিকগৰাকীৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব৷’

RELATED ARTICLES