peepl-small

‘অৰ্জুনঃ The Hero of Forest’ তথ্যচিত্ৰৰ প্ৰিমিয়াৰ শ্ব’ মুকলি

PUBLISHED:

গুৱাহাটীঃ বুধবাৰে জ্যোতি চিত্ৰবনত প্ৰদৰ্শন কৰা হয় ‘অৰ্জুনঃ The Hero of Forest’ নামৰ তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ। বিদ্যা ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবিখনত দাঙি ধৰা হৈছে বন্যপ্ৰাণীৰ সংগ্ৰাম আৰু বনাঞ্চল ধংসৰ এক জীয়া প্ৰতিচ্ছবি। ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ মুখ্য সচিব অবিনাশ যোশী, অভিনেতা আকাশদ্বীপ, চিবিএফচিৰ উপদেষ্টা সদস্য শৈলেন্দ্ৰ পাণ্ডেৰ লগতে তথ্যচিত্ৰখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় প্ৰিমিয়াৰ শ্ব’।

প্ৰিমিয়াৰ শ্ব’ৰ শেষত বনমন্ত্ৰী শুক্লবৈদ্যই তথ্যচিত্ৰখনে নতুন বছৰত সকলোৰে মনত প্ৰকৃতি প্ৰেম জগাই তুলিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। তথ্যচিত্ৰখনৰ ৰচনা আৰু পৰিচালনা ৰজনী বৰ্মনৰ। প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে।

RELATED ARTICLES