peepl-small

ডিব্রুগড় বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ মহলাৰ পৰীক্ষা

PUBLISHED:

গুৱাহাটী: ৰাজ্যত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পালেও পূর্বনির্ধাৰিত সময়সূচী মতে অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ৷ আজি বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্রকে এক জাননীত উল্লেখ কৰে যে স্নাতকোত্তৰ প্রথম ষাণ্মাসিকৰ পৰীক্ষাসমূহ নির্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব৷ যিসকল ছাত্র–ছাত্রীয়ে বিভিন্ন অসুবিধাৰ বাবে পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰে, তেওঁলোকে আগতীয়াকৈ এই বিষয়ে পৰীক্ষা নিয়ন্ত্রক বা নিজৰ বিভাগৰ মুৰব্বীক অৱগত কৰিব লাগিব৷ এইসকল ছাত্র–ছাত্রীক দ্বিতীয় সুযোগ দিয়া হ’ব৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা অব্যাহত আছে৷ প্রথম ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব অহা ২০ এপ্রিলৰ পৰা৷ একেদৰে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষাও নির্দিষ্ট সময়সূচী মতেই অনুষ্ঠিত হ’ব৷

দেওবাৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে জানিবলৈ দিয়া মতে, অহা সপ্তাহৰ পৰা স্নাতক প্রথম ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ পূর্বৰ সময়সূচীৰ কোনো সালসলনি কৰা নহয়৷ চৰকাৰে কোনো জাননী নিদিয়া পর্যন্ত বিশ্ববিদ্যালয় কর্তৃপক্ষই নিজাববীয়া সিদ্ধান্ত নলয়৷ অহা ২৪ এপ্রিলৰ পৰা কটন বিশ্ববিদ্যালয়ৰ স্নাতক প্রথম ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ইফালে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা ছাত্র–ছাত্রীৰ অসুবিধাৰ বাবে দুদিন পিছুৱাই দিয়া হৈছে৷ বিহুৰ বন্ধত ঘৰলৈ যোৱা ছাত্র–ছাত্রীসকল পুনৰ বিশ্ববিদ্যালয়লৈ উভতি অহাৰ ক্ষেত্রত নানা সমস্যাৰ সন্মুখীন হৈছে৷ যাৰ বাবে কাইলৈ আৰু পৰহিলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ সাময়িকভাৱে পিছুৱাই দিয়া হৈছে৷ বাকী পৰীক্ষা নির্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব৷ কিন্তু স্নাতক মহলাৰ পৰীক্ষাৰ ক্ষেত্রত পূর্বৰ সূচীৰ কোনো সালসলনি কৰা হোৱা নাই৷ ক’ভিডৰ সংক্রমণৰ পৰিপ্রেক্ষিতত বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে তেজপুৰ বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ বিশ্ববিদ্যালয় কর্তৃপক্ষই চূড়ান্ত ষাণ্মাসিক আৰু গৱেষক ছাত্রসকলৰ বাহিৰে আন সকলো শিক্ষার্থীক অহা ২৩ এপ্রিলৰ ভিতৰত ছাত্রাৱাস আৰু ছাত্রী নিৱাস খালী কৰাৰ নির্দেশ দিছে৷ চূড়ান্ত ষাণ্মাসিক আৰু গৱেষক ছাত্রসকল অহা ২৯ এপ্রিল পর্যন্ত নিজ নিজ হোষ্টেলত থাকিব পাৰিব৷

RELATED ARTICLES