peepl-small

ডিজিপিৰ আহ্বান: পুৱা ৬ বজাতে খোলক দোকান–বজাৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ জটিলতাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনাসমূহ আখৰে আখৰে মানি চলিবলৈ পুনৰ আহ্বান জনাইছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ সোমবাৰে এখন সংবাদ মেলত ডিজিপি মহন্তই কয় যে ক’ভিডৰ বিৰুদ্ধে এয়া ৰাজ্যবাসীয়ে সন্মিলিতভাৱে যুঁজ দিয়াৰ সময়৷ ক’ভিডৰ ভয়াৱহতা প্রতিৰোধৰ বাবে জাৰি কৰা কার্ফিউৰ সময়ছোৱাত জনসাধাৰণে নীতি–নিয়মসমূহ পালন কৰা দেখা গৈছে৷

কিন্তু কার্ফিউ নথকা সময়ছোৱাত বাহিৰলৈ ওলাই অহা জনতাই সঠিকভাৱে ক’ভিড প্রট’কল মানি চলা নাই৷ বহু সময়ত মাস্ক পৰিধান নকৰে, সামাজিক দূৰত্বও মানি নচলে৷ এয়া সকলোৰে বাবে ভয়াৱহ হৈ উঠিব পাৰে৷ সেই বাবেই অসম আৰক্ষীয়ে বজাৰৰ লেচী আৰু দোকানীসকলক ক’ভিড প্রট’কল মানি চলিবলৈ আকৌ এবাৰ অনুৰোধ জনাইছে৷ এই প্রসংগত ডিজিপিগৰাকীয়ে লগতে কয় যে দোকানীসকলে ভিৰ কমাবলৈ পুৱা ৬ বজাতে দোকানসমূহ খুলিব পাৰে৷ তেতিয়া ৭ মান বজাৰ পৰা গ্রাহকে অত্যাৱশ্যকীয় সামগ্রী কিনিবলৈ বজাৰলৈ ওলাই যাব পাৰিব৷ গ্রাহকসকলেও বর্তমানৰ পৰিস্থিতিলৈ চাই আৰাম ত্যাগ কৰি সোনকালে বজাৰলৈ যোৱাৰ অভ্যাস কৰক৷ অন্যথা দোকান বন্ধ কৰাৰ আগে আয়ে সকলো বজাৰলৈ ওলাই গ’লে অভাৱনীয় ভিৰ হয়৷ কোনো গ্রাহকে দোকানত অনাহক ভিৰ কৰা উচিত নহয়৷ দোকান–বজাৰত সামাজিক দূৰত্ব মানি চলিবলৈ হ’লে লেচীসকলে বেপাৰীসকলক কিছু দূৰে দূৰে বহুওৱাৰ ব্যৱস্থা কৰিব লাগিব৷ দোকানীসকলেও বৃত্ত আঁকি গ্রাহকক সামাজিক দূৰত্ব মানি চলিবলৈ বাধ্য কৰাব লাগিব৷

আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই  সংবাদ মেলত সদৰী কৰা মতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ অনুসৰি অসম আৰক্ষীয়ে প্রতিখন জিলাত হেল্পলাইন নম্বৰ মুকলি কৰিব৷ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে ভেকচিন ল’বলৈ যোৱাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হোৱা লোকক সহায় কৰিবলৈ অসম আৰক্ষী সদায় সাজু হৈ থাকিব৷ ইয়াৰ বাহিৰেও অসম ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ হেল্পলাইন ২৪ ঘণ্টাই মুকলি হৈ থাকিব৷ তদুপৰি ৰাজ্যৰ প্রতিখন জিলাৰ আৰক্ষী আৰু বেটেলিয়নসমূহক আৰক্ষীৰ বাবে সুকীয়াকৈ আইছ’লেচন চেণ্টাৰ আৰু কোৱাৰেণ্টাইন চেণ্টাৰ মুকলি কৰিবলৈ নির্দেশ দিয়া হৈছে৷ এইক্ষেত্রত সংশ্লিষ্ট জিলাৰ স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে আৰক্ষীক সহযোগ কৰিব৷

ইফালে, ক’ভিড প্রট’কল ভংগকাৰীৰ পৰা বিগত সময়ছোৱাত মুঠ ৫৪.৮৬ লাখ টকাৰ জৰিমনা সংগ্রহ কৰা বুলিও ডিজিপিয়ে সদৰী কৰে৷ তেওঁ বিভিন্ন থানাত জব্দ হৈ থকা যান–বাহনৰ গৰাকীক নির্দিষ্ট জৰিমনা আদায় দি বাহনসমূহ মোকলাই নিবলৈ কয়৷ এমাহৰ ভিতৰত নিয়ম উলংঘাকাৰী যান–বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিচাৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ 

RELATED ARTICLES