peepl-small

কি আছে নতুন ‘SOP’ত? জানক এটা ক্লিকতে

PUBLISHED:

গুৱাহাটীঃ সোমবাৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰে ক’ভিড-১৯ সম্পৰ্কীয় নতুন নিৰ্দেশনা।
মঙলবাৰৰ পৰা প্ৰযোজ্য হ’বলগীয়া নীতি-নিৰ্দেশনাসমূহ হ’ল —

  • গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
  • আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব
  • দক্ষিণ শালমৰা মানকাচৰ, মাজুলী, বঙাইগাঁও, চিৰাং জিলাত ৫ বজাৰ পৰা সান্ধ্য আইন
  • ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন
  • ডিমা হাছাও, চৰাইদেউতো বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন
  • কঠোৰ পৰ্যবেক্ষণত থাকিব কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ
  • পৰিস্থিতি উন্নত নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব
  • আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
  • দোকান-পোহাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব
  • প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক
  • গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home’
  • এইসকল মাতৃৰ ‘Work From Home’ বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ’ব
  • দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব
  • আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব

RELATED ARTICLES