peepl-small

কেব চালকৰ ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবী এজেপিৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ কেব চালকসকলে উত্থাপন কৰা দাবীৰ প্রতি পূর্ণ সমর্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে৷ আজি এক বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নির্বাহ কৰা যুৱকসকল মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্তান৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে উক্ত খিলঞ্জীয়া কেব চালকসকলৰ সমস্যাসমূহ সমাধান কৰি জাতিৰ প্রতি থকা দায়বদ্ধতা প্রমাণ কৰা উচিত৷

বিবৃতিটোত ভূঞাই কয় যে ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যিকেইটা খণ্ডৰ লোক সর্বাধিক পৰিমাণে আর্থিক প্রত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম৷ বেংকৰ পৰা লোৱা ঋণেৰে গাডী কিনি অ’লা, উবেৰ, ৰেপিড’ আদি টেক্সি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা এই কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈ অধিক৷ ক’ভিড অতিমাৰীৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত এই কেব চালকসকল নিবনুৱা হৈ পৰিছে৷

কিন্তু যিহেতু তেওঁলোকে গাডীসমূহ বেংক বা বেচৰকাৰী বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈ ক্রয় কৰিছিল, সেয়ে বর্তমানে ভাৰা মাৰিব নোৱাৰাৰ ফলত উক্ত ঋণৰ মাহিলি কিস্তি দিয়াটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে৷ অথচ ঋণদাতা প্রতিষ্ঠানে কেব চালকসকলক মাহিলি কিস্তি আদায় দিবলৈ হেঁচা প্রয়োগ কৰি আহিছে৷ যোৱা বছৰৰ ক’ভিড অতিমাৰীৰ প্রথমটো লহৰৰ সময়ত নিবনুৱা হৈ পৰা কেব চালকসকলৰ ৬–৭ মাহলৈকে মাহিলি কিস্তি অনাদায় হৈ আছিল, যিটোৰ বোজা তেওঁলোকে আজিলৈকে মূৰৰ ওপৰৰ পৰা আঁতৰাব পৰা নাই৷

তাৰ পিছত এইবাৰ ক’ৰোনা অতিমাৰীৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিয়ে তেওঁলোকৰ ওপৰত আন এটা অসহনীয় বোজা জাপি দিলে৷ কেব চালকসকলৰ সংগঠন সদৌ অসম কেব মজদুৰ সংস্থাই আজি (মহানগৰ) জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰি কিছুমান দাবী উত্থাপন কৰে৷ তাৰ ভিতৰত কেব চালকসকলক আর্থিক সাহায্য প্রদান কৰা, তেওঁলোকক ক’ভিড ভেকচিন প্রদান কৰা, তেওঁলোকৰ বেংকৰ কিস্তিৰ ক্ষেত্রত শিথিলতা প্রদান কৰা, ঋণৰ অতিৰিক্ত সুত ৰেহাই দিয়া আৰু মিটাৰ টেক্সিৰ ব্যৱস্থা প্রৱর্তন কৰা অন্যতম৷

RELATED ARTICLES