peepl-small

জয়েৰে অভিযান পণ্টৰ দিল্লী কেপিটেলছৰ; প্রথম মেচতে মুখথেকেচা ধোনী বাহিনীৰ

PUBLISHED:

গুৱাহাটীঃ সহজ জয়েৰে চলিত আই পি এলত অভিযান আৰম্ভ কৰিলে বিগত বর্ষৰ ৰানার্ছআপ দিল্লী কেপিটেলছে৷ শনিবাৰে মুম্বাইত অনুষ্ঠিত মেচখনত ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী কেপিটেলছে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে৷ মেচখনত ধোনী বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৮৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় পৃথ্বি শ্ব আৰু শিখৰ ধাৱনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত দিল্লীয়ে ১৮.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷

পৃথ্বিয়ে ৩৮টা বলত ৯টা চাৰি আৰু তিনিটা ছয়েৰে ৭২ ৰান কৰাৰ লগতে ধাৱনে ৫৪টা বলত ১০টা চাৰি আৰু দুটা ছয়েৰে ৮৫ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ দুয়োৱে প্রথম উইকেটৰ যুটিত ১৩৮ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে৷ অধিনায়ক পণ্টে ১৫ ৰান কৰি অপৰাজিত হৈ থাকে৷ ষ্টইনিছে ১৪ ৰান কৰি বিদায় লয়৷ চেন্নাই ছুপাৰ কিংছৰ হৈ ছার্দুল ঠাকুৰে দুটা আৰু ডুৱেইন ব্রেভোৱে এটা উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে দিল্লী কেপিটেলছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি সুৰেশ ৰাইনাৰ অর্ধশতকৰ সহায়ত চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত সাতটা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্রহ কৰে৷ চেন্নাই ছুপাৰ কিংছৰ ইনিংছ আৰম্ভণি সুখকৰ নাছিল৷ ঋতুৰাজ গাইকোৱাড আৰু ফাফ ডু প্লেচিছে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰ সাত ৰানত দুয়োগৰাকী প্রাৰম্ভিক বেটছমেন পেভিলিয়নমুখী হয়৷ গাইকোৱাডে পাঁচ ৰান কৰাৰ বিপৰীতে ডু প্লেচিছে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷

অৱশ্যে মঈন আলী আৰু সুৰেশ ৰাইনাই ধীৰে–সুস্থিৰে খেলি দলৰ উইকেট পতন ৰোধ কৰে৷ দুয়োৰে মাজত তৃতীয় উইকেটৰ যুটিত ৫৩ ৰান সংগ্রহ হোৱাৰ সময়তে মঈন আলীয়ে বিদায় লয়৷ ৩৬ ৰান কৰি বিদায় লোৱা মঈন আলীৰ ২৪টা বলৰ ইনিংছটোত আছিল চাৰিটা চাৰি আৰু দুটা ছয়৷

ইফালে, ৰাইনাই কালি সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰি অর্ধশতক অর্জন কৰি চেন্নাই ছুপাৰ কিংছক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ৩৬টা বলত তিনিটা চাৰি আৰু চাৰিটা ছয়েৰে ৫৪ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলে ৰাইনাই৷ শেষৰ পিনে অম্বাটি ৰাইডুৱে ১৬টা বলত এটা চাৰি আৰু দুটা ছয়েৰে ২৩, ছেম কৰনে ১৫টা বলত চাৰিটা চাৰি আৰু দুটা ছয়েৰে ৩৪ ৰান কৰাৰ লগতে ৰবীন্দ্র জাদেজাই ১৭টা বলত তিনিটা চাৰিৰে ২৬ ৰান কৰি অপৰাজিত হৈ থাকে৷

অধিনায়ক ধোনীয়ে বিশেষ অৰিহণা আগবঢ়োৱাত ব্যর্থ হয়৷ অধিনায়কগৰাকীয়ে মাত্র দুটা বলৰ সন্মুখীন হৈ কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ দিল্লী কেপিটেলছৰ হৈ ক্রিছ ৱকছ আৰু আৱেশ খানে দুটাকৈ উইকেট লাভ কৰাৰ লগতে ৰবিচন্দ্রন অশ্বিন আৰু টম কৰন উভয়ে এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়৷

Photo: www.iplt20.com 

RELATED ARTICLES