peepl-small

দুর্নীতিৰ গোচৰত চীনা অর্থনীতিবিদ লাইলৈ মৃত্যুদণ্ডৰ ৰায়

PUBLISHED:

গুৱাহাটীঃ দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী অর্থনীতিবিদক মৃত্যুদণ্ডৰ ৰায় শুনাইছে চীনৰ আদালতে৷ বিত্ত বিভাগৰ প্রাক্তন মুৰব্বী লাই ঝিয়াওমিনক ২০১৮ চনত ২৮০ নিযুত ডলাৰ উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল৷ হুৱাৰং এছেট মেনেজমেণ্টৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি থকা সময়ত এই বৃহৎ ধনৰাশি উৎকোচ হিচাপে গ্রহণ কৰিছিল লাই ঝিয়াওমিনে৷

ৰাষ্ট্রপতি ঝি জিনপিঙে দেশখনত দুর্নীতিৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপেই লাইৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় শুনোৱা হৈছে৷ অর্থনীতিবিদগৰাকীক এনেদৰে মৃত্যুদণ্ডৰ ৰায় শুনোৱাৰ লগে লগে বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে৷ হিউমেন ৰাইটছ ৱাটচে চীনৰ এই কার্যক এক অপৰাধ বুলি অভিহিত কৰিছে৷

টিয়ানজিন চহৰৰ আদালতে কালি ঝিয়াওমিনৰ বিৰুদ্ধে গোচৰটোত মৃত্যুদণ্ডৰ ৰায় শুনাইছে৷

RELATED ARTICLES