peepl-small

সংহাৰী য়াশ ঘূর্ণিয়ে বংগত ধ্বংস কৰিলে ৩ লাখ বাসগৃহ

PUBLISHED:

গুৱাহাটীঃ কালান্তক ক’ৰোনাই দেশজুৰি সংহাৰ সৃষ্টি কৰি থকাৰ সময়তে সামুদ্রিক ধুমুহা য়াশে দেশৰ পূব উপকূলত নমাই আনিছে আন এক দুর্যোগ৷ আজি পুৱাৰে পৰা সামুদ্রিক ঘূর্ণি য়াশে তাণ্ডৱ চলালে ওড়িশা আৰু পশ্চিমবংগত৷ বংগোপসাগৰত সৃষ্ট সামুদ্রিক ঘূর্ণি য়াশে আজি পুৱা ১৫০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ উপকূলীয় বাহানগাৰ বালাছৰৰ দক্ষিণ আৰু ধামৰাৰ উত্তৰৰ মাজত খুন্দিয়াই সংহাৰী ৰূপ ধাৰণ কৰে৷ প্রায় তিনি ঘণ্টাজোৰা ৰাজ্যখনৰ ভিন্ন প্রান্তত ঘূর্ণি য়াশে তাণ্ডৱ চলাই গছ–গছনি, বিদ্যুতৰ খুঁটা, বাসগৃহৰ টিনপাত নিমিষতে উৰুৱাই লৈ যায়৷ প্রবল বৰষুণে দিনতেই পৰিৱেশ আন্ধাৰ কৰি তোলে৷

নদীবোৰ ওফন্দি উঠে৷ ওড়িশাৰ প্রান্তে প্রান্তে ব্যাপক ক্ষতি কৰাৰ অন্তত এই সামুদ্রিক ঘূর্ণি পশ্চিমবংগত প্রৱেশ কৰে৷ ৰাজ্যখনৰ উপকূলীয় জিলাত প্রায় তিনি ঘণ্টা ধৰি সামুদ্রিক ঘূর্ণিয়ে সংহাৰী ৰূপ লৈ বিস্তৰ ক্ষতি কৰে৷ পশ্চিমবংগত এই ঘূর্ণিৰ ফলত এক কোটিৰো অধিক লোকৰ ক্ষতি হয়৷ তেনেদৰে ঘূর্ণিৰ তাণ্ডৱত তিনি লাখ বাসগৃহ বিধ্বস্ত হৈ পৰে৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননীমর্মে বুধবাৰে পুৱা ওড়িশাৰ উপকূলীয় বাহানগাত সামুদ্রিক ঘূর্ণি য়াশে খুন্দা মাৰে৷ ১৫০ কিলোমিটাৰ গতিবেগত ৰাজ্যখনৰ উপকূলীয় অঞ্চলত খুন্দা মৰাৰ পাছত প্রচণ্ড ধুমুহাত গছ–গছনি ভাঙি–ছিঙি চূৰমাৰ হয়৷ কেইবাসহস্র বাসগৃহৰ টিং, চাদ উৰুৱাই নিয়ে৷ তেনেদৰে অঞ্চলসমূহত থকা বিদ্যুতৰ খুঁটাসমূহ ভাঙি পেলায়৷ ইপিনে, সাগৰত সৃষ্ট প্রচণ্ড ঢ়ৌৰ ফলত পানী উপকূলীয় অঞ্চলত সোমাই কেইবাখনো গাঁও বুৰাই পেলায়৷ এই গাঁওসমূহ জলমগ্ণ হৈ পৰাত কেইবাসহস্র বাসগৃহৰ ক্ষতি হৈছে৷ তেনেদৰে কেঁচা বাসগৃহ সম্পূর্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে প্রকাণ্ড প্রকাণ্ড গছ–গছনিসমূহ উভালি পৰে৷ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হয়৷ তদুপৰি বিদ্যুতৰ খুঁটা উভালি পৰাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷

তথ্য মতে প্রচণ্ড ধুমুহা আৰু প্রবল বৰষুণৰ ফলত ওড়িশাৰ কেৱনঝাৰত দুজন লোকৰ মৃত্যু ঘটিছে৷ বালছৰ জিলাৰ কেইবাখনো গাঁৱত সাগৰৰ পানী ভৰি পৰাত গাঁওবাসীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷ এই গাঁওসমূহৰ পৰা ইতিমধ্যে অধিকাংশ লোকক সম্ভাব্য বিপদৰ প্রতি লক্ষ্য কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ জলমগ্ণ নোহোৱা গাঁওসমূহত প্রকাণ্ড প্রকাণ্ড গছ উভালি ৰাস্তা বন্ধ কৰি দিয়াত উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হৈছে৷ প্রবল বৰষুণৰ বাবে উপকূলীয় অঞ্চলত জনজীৱন ব্যাহত হৈছে৷

ইপিনে, ওড়িশাত তাণ্ডৱ চলোৱাৰ পাছত পশ্চিবংগৰ উপকূলীয় অঞ্চলত প্রৱেশ কৰে সামুদ্রিক ঘূর্ণি য়াশ৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে প্রকাশ কৰা মতে সামুদ্রিক ঘূর্ণিয়ে উপকূলীয় অঞ্চলৰ কেইবাখনো জিলাত তিনি লাখ বাসগৃহ বিধ্বস্ত কৰিছে৷ প্রচণ্ড ধুমুহা আৰু প্রবল বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাখনো জিলাৰ এক কোটি লোক ক্ষতিৰ সন্মুখীন হৈছে৷ পূব মেদিনীপুৰ, দক্ষিণ–২৪ পৰগনা আৰু উত্তৰ–২৪ পৰগনা জিলাত সামুদ্রিক ঘূর্ণিয়ে সংহাৰী ৰূপ লৈ সা–সম্পদৰ বিস্তৰ ক্ষতি কৰিছে৷ ঘূর্ণিৰ সংহাৰী ৰূপৰ বাবেই কলকাতাৰ বিমানবন্দৰ বন্ধ ৰাখিবলগীয়া হৈছে৷ এই অঞ্চলসমূহৰ পৰা আগতীয়াকৈ ১৫ লক্ষাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিছে গাঁওবাসী৷ তিনিওখন জিলাত প্রাৰম্ভিক পর্যায়ত এক কোটিৰো অধিক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে তিনি লাখ বাসগৃহ বিধ্বস্ত হোৱা বুলি মুখ্যমন্ত্রী বেনার্জীয়ে প্রকাশ কৰিছে যদিও ৭২ ঘণ্টাৰ পাছত আকাশ মার্গেৰে ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰি মুখ্যমন্ত্রী বেনার্জীয়ে এই ক্ষতিৰ সঠিক মূল্যায়ন কৰিব বুলি ঘোষণা কৰিছে৷

ওড়িশা আৰু পশ্চিমবংগত সংহাৰী ৰূপ লোৱা সামুদ্রিক ঘূর্ণি পিছলৈ লাহে লাহে দুর্বল হৈ পৰে৷ এই ঘূর্ণি কাইলৈ পুৱা ঝাৰখণ্ডত প্রৱেশ কৰিব৷ উল্লেখ্য যে ওড়িশা আৰু পশ্চিমবংগত পৰৱর্তী ২৪ ঘণ্টা ধৰি প্রবল বৰষুণ হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্রধান মৃত্যুঞ্জয় মহাপাত্রই প্রকাশ কৰিছে৷ গুৰুত্বপূর্ণ যে বংগোপসাগৰ সৃষ্ট সামুদ্রিক ঘূর্ণি য়াশ অতি ভয়াৱহ ৰূপত ওড়িশা আৰু পশ্চিমবংগত খুন্দা মাৰি সংহাৰী ৰূপ লোৱাৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞানে দিয়াৰ পাছতেই দুয়োখন ৰাজ্য চৰকাৰে ঘূর্ণিৰ সম্ভাব্য বিপদৰ পৰা কিদৰে জনতাৰ লগতে সা–সম্পদ ৰক্ষা কৰিব পাৰি, তাৰ বাবে সম্পূর্ণ সাজু হয়৷ ইয়াৰ পৰিপ্রেক্ষিততেই দুয়োখন ৰাজ্যত ঘূর্ণিয়ে সংহাৰী ৰূপ লৈ সা–সম্পদৰ বিস্তৰ ক্ষতি কৰিলেও জনহানিৰ পৰা ৰক্ষা পৰিছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে সামুদ্রিক ঘূর্ণি য়াশক লৈ দুয়োখন ৰাজ্যক সকলো প্রকাৰে সহায় আগবঢ়াইছে৷ এন ডি আৰ এফ, নৌবাহিনী, বায়ুসেনা বাহিনীক উদ্ধাৰ আৰু সাহায্যৰ বাবে সাজু কৰি ৰাখিছে৷

RELATED ARTICLES