peepl-small

আজি ধুমুহা য়াছে সৃষ্টি কৰিব তাণ্ডৱ

PUBLISHED:

গুৱাহাটী:   আজি নিশাৰ ভিতৰতে সামুদ্রিক ধুমুহা য়াছে পশ্চিমবংগ, ওড়িশা আৰু অন্ধ্র প্রদেশত তাণ্ডৱ সৃষ্টি কৰিছে৷ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা তথ্য অনুসৰি আজি পুৱাৰ ভাগত পশ্চিমবংগ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত ধুমুহাৰ লগতে মুষলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে৷

ইফালে দুর্যোগ ব্যৱস্থাপনা গোট, অসামৰিক প্রতিৰক্ষা, লোকনির্মাণ, বন, জৰুৰী আৰু অগ্ণিসেৱা, বিদ্যুৎ যোগান ব’ড আদি বিভিন্ন বিভাগৰ বিষয়ববীয়া সকলক পশ্চিমবংগ তথা ওড়িশাত সকলো মুহূর্ততে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থকাৰ আহ্বান জনাইছে চৰকাৰে৷ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ধুমুহা য়াছৰ বাবেই নিশাটো কার্যালয়তে কটাই পৰিস্থিতি নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে৷ পশ্চিমবংগ চৰকাৰে বিভিন্ন জিলাত ইউনিফাইড কমাণ্ড গঢ়ি তুলিছে৷ ধুমুহাৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই ইউনিফাইড কমাণ্ডে উদ্ধাৰ তথা সাহায্য অভিযানত যুদ্ধকালীন তৎপৰতাৰে সেৱা আগবঢ়াব৷

RELATED ARTICLES