গুৱাহাটীঃ বুধবাৰে পুৱা ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ ফলত নগাঁৱৰ প্ৰসিদ্ধ মহা মৃত্যুঞ্জয় মন্দিৰো ক্ষতিগ্ৰস্ত হোৱা বুলি বাতৰি পোৱা গৈছে।
বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকৃতিৰ মন্দিৰটোৰ দেৱালৰ ওপৰ ভাগত ফাট দেখা পোৱা গৈছে।
উল্লেখ্য যে কেইবামাহ পূৰ্বে প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল নৱনিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰৰ।
ভূমিকম্পৰ ফলত ৰাজ্যৰ আন বহু অঞ্চলতো কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হৈছে।