peepl-small

১০ দিনত ৰাজ্যত উন্নত হ’ব ক’ভিড পৰিস্থিতি: মুখ্যমন্ত্রী

PUBLISHED:

গুৱাহাটী:  ক্রমাৎ জটিল হৈ থকা ক’ৰোনা পৰিস্থিতি এতিয়াও অপৰিৱর্তিত হৈ আছে৷ শেহতীয়াকৈ আক্রান্তৰ হাৰ সামান্য পৰিমাণে হ্রাস পাইছে যদিও ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্রাস পোৱা নাই৷ ক’ৰোনাৰ দ্বিতীয় ঢৌত এনে ভয়াৱহ সংক্রমণক লৈ ৰাজ্যবাসী সন্ত্রস্ত হৈ থকাৰ সময়তে আশাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রীৰ মন্তব্য– আগন্তুক ১০ দিনত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে৷ অসম–পশ্চিমবংগ সীমান্তৰ শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত ক’ভিড ব্যৱস্থাপনাৰ বুজ ল’বলৈ আজি ধুবুৰীত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্যৰ ক’ভিড পৰিৱেশ একমাত্র গুৱাহাটী মহানগৰীতহে সামান্য পৰিমাণে উন্নত হৈছে৷ আন জিলাসমূহত কম–বেছি পৰিমাণে এতিয়াও অপৰিৱর্তিত হৈ আছে৷ অৱশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি–নির্দেশনাসমূহ কঠোৰভাৱে পালন কৰিলে অহা ১৫ জুনৰ ভিতৰত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈ ৰাজ্যত প্রৱেশ কৰা একাংশ লোকে সংক্রমণ বৃদ্ধি কৰাৰ সম্ভাৱনাক লৈ সৃষ্টি হৈ থকা শংকাৰ মাজতে মঙলবাৰে অসম–পশ্চিমবংগ সীমান্তৰ শ্রীৰামপুৰ আৰু ছাগলীয়া গেটৰ ক’ভিড ব্যৱস্থাপনাৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক লগত লৈ সীমান্তত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে প্রথমে শ্রীৰামপুৰৰ গেট পৰিদর্শন কৰি এই গেটত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্র আৰু অন্যান্য ব্যৱস্থাপনাৰ বিতং বুজ লয়৷ উল্লেখ্য যে যোৱা সময়ছোৱাত শ্রীৰামপুৰ আৰু ছাগলীয়া গেটেৰে বহু লোক অসমত প্রৱেশ কৰাক লৈ সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ ক’ভিড পৰীক্ষাত অৱতীর্ণ নোহোৱাকৈ বহু লোকে পলায়ন কৰা ঘটনাই নামনি অসমত সংক্রমণ বৃদ্ধি কৰাৰ সম্ভাৱনাক লৈও শংকা সৃষ্টি হৈছে৷ এনে অৱস্থাত শ্রীৰামপুৰ আৰু ছাগলীয়া গেটত ক’ভিড ব্যৱস্থাপনা কিদৰে চলিছে, তাক লৈও প্রশ্ন উত্থাপন হৈছিল৷ বিষয়টো সন্দর্ভত চলি থকা চর্চাৰ মাজতে মঙলবাৰে মুখ্যমন্ত্রী ড০ শর্মাই কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ আন্তঃৰাজ্যিক সীমান্ত শ্রীৰামপুৰত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্র পৰিদর্শন কৰি বিভিন্ন দিশ পর্যালোচনা কৰে৷ বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ সৈতে শ্রীৰামপুৰ গেটত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে চেকগেটত প্রতিদিনে কৰা ক’ভিড পৰীক্ষা তথা পৰীক্ষাৰ অন্তত ক’ভিড পজিটিভিটী চিনাক্ত কৰা, ৰোগীৰ আছুতীয়াকৰণ, চিকিৎসা প্রদানৰ দিশসমূহৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে চেকগেটখনত থকা কর্তব্যৰত বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে৷

ইয়াৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই জিলা প্রশাসনৰ বিষয়াসকলৰ সৈতে এক বৈঠকত বহি বিভিন্ন দিশ আলোচনা কৰে৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে জিলাখনত ৰেপিড এণ্টিজেন টেষ্টৰ লগতে আৰ টি–পি চি আৰ টেষ্টৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি কৰাৰ নির্দেশ দিয়ে৷ বিশেষকৈ আৰ টি–পি চি আৰ টেষ্টৰ সংখ্যা ২০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তক ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়ে৷ তদুপৰি ক’ভিড প্রতিৰোধৰ বাবে আন্তঃজিলা যাতায়াত বন্ধ কৰি ৰখাৰ বাবে যি নির্দেশনা দিয়া হৈছে, তাক কঠোৰভাৱে পালনৰ বাবে আজি কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকক স্পষ্ট নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে এই বৈঠকৰ পাছতে সাংবাদিকসকলৰ সৈতে হোৱা মুখামুখিত উল্লেখ কৰে যে কোকৰাঝাৰ জিলাত ক’ভিড পজিটিভৰ হাৰ হ্রাস হৈছে যদিও দৈনিক ৬০ৰ পৰা ৯০জন লোক আক্রান্ত হৈ আছে৷ সেয়েহে হোম কোৱাৰেণ্টাইনৰ সংখ্যা হ্রাস কৰাৰ নির্দেশ দিয়া হৈছে৷ মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যখনত ক’ৰোনা ৰোগীৰ সংখ্যা প্রতিদিনে ৬ হাজাৰৰ আশে–পাশে আছে৷ ৬ হাজাৰৰ আশে–পাশে থকা ক’ভিড ৰোগীৰ সংখ্যা থাকিলে প্রায় এক শতাংশ আক্রান্ত লোকৰ মৃত্যু হয়৷ ক’ভিডৰ দ্বিতীয় সংক্রমণ অত্যন্ত শক্তিশালী বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– ৰাজ্য চৰকাৰে জটিল ক’ভিড ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে আই চি ইউৰ বিছনা, অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ উপৰি কোৱাৰেণ্টাইনৰ সংখ্যা হ্রাস কৰাৰ চেষ্টা চলাই আছে৷ আগন্তুক ১০ দিনমানৰ ভিতৰত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা কিছু কমিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ আনহাতে, ৰাজ্যৰ স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রতিখন জিলা হাস্পতালতে অক্সিজেনৰ নিজা প্লাণ্ট স্থাপনৰ পৰিকল্পনা কৰি আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রীয়ে৷

ইফালে, ১৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকৰ টিকাকৰণৰ ক্ষেত্রত বহিঃৰাজ্যৰ লোকে অসমত ভেকচিন লৈ আছে বুলি উত্থাপিত অভিযোগক চৰকাৰে গুৰুত্ব সহকাৰে গ্রহণ কৰা বুলি উল্লেখ কৰি এই বিষয়ত আজিৰে পৰা কার্যকৰী হোৱাকৈ পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ট্রাকচালকসকলক ক’ভিড পৰীক্ষা কৰি থকা বুলিও মুখ্যমন্ত্রীয়ে  জানিবলৈ দিয়ে৷ শ্রীৰামপুৰ গেট পৰিদর্শনৰ পাছতে ধুবুৰীৰ ছাগলীয়াত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে আজি জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পর্কে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াৰ পৰা সবিশেষ তথ্য গ্রহণ কৰে৷ ছাগলীয়া গেটৰ ক’ভিড পৰীক্ষা কেন্দ্র পৰিদর্শন কৰি মুখ্যমন্ত্রীয়ে ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা প্রশাসনক নির্দেশ দিয়ে৷ এই পৰিদর্শন কালত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও গ্রামাঞ্চলত এতিয়াও অপৰিৱর্তিত হৈ আছে ক’ভিড পৰিস্থিতি৷ সেয়েহে গ্রামাঞ্চলত মঙলবাৰে বিয়লি ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ ইফালে, ৰাজ্যত অক্সিজেনৰ নাটনি হোৱা নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমে চুবুৰীয়া কেইবাখনো ৰাজ্যলৈ প্রতিদিনে ১৫ মেট্রিকটনকৈ অক্সিজেন প্রেৰণ কৰি আছে৷ তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিশেষ তৎপৰতাত ৰাজ্যখনে অক্সিজেন এক্সপ্রেছযোগে সপ্তাহত দুবাৰকৈ ৮০ মেট্রিকটনকৈ মুঠ ১৬০ মেট্রিকটন অক্সিজেন লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷

RELATED ARTICLES