peepl-small

ক’ভিড প্রট’কল ভংগ কৰি ধিং–ডুমডুমীয়া বালিসত্র বজাৰত গাতে গা লগাই ক্রয় সামগ্রী

PUBLISHED:

গুৱাহাটী: সমগ্র ৰাজ্যতে ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ সময়তে নগাঁও জিলাৰ ধিং পৌৰসভাৰ অন্তর্গত ধিঙৰ দৈনিক কেঁচা শাক–পাচলিৰ পাইকাৰী বজাৰ আৰু বটদ্রৱা থানাৰ অন্তর্গত ডুমডুমীয়া বালিসত্র অর্ধ সাপ্তাহিক বজাৰত নিতৌ পুৱাই জনসমাগম দেখিবলৈ পোৱা গৈছে৷

ক’ভিড প্রট’কল ভংগ হৈছে ধিং বজাৰখনৰ লগতে বালিসত্র অর্ধসাপ্তাহিক বজাৰখনতো৷ পুৱাই পুৱাই এই দুখন বজাৰলৈ আগমন ঘটা হাজাৰ হাজাৰ লোকৰ সমাগমে ক’ৰোনাৰ গণ সংক্রমণৰ আশংকা বৃদ্ধি কৰিছে৷ এই দুয়োখন বজাৰত সমাগম ঘটা অধিকাংশ লোকেৰ মাজত নাই কোনো সামাজিক দূৰত্ব আৰু বহুতৰে মুখত নাই মাস্ক৷

যি সময়ত সমগ্র ৰাজ্যৰ লগতে নগাঁও জিলাৰ ধিঙতো ইতিমধ্যে ক’ৰোনা আক্রান্তৰ সংখ্যা ছয় শতাধিক অতিক্রম কৰাৰ লগতে ইতিমধ্যে ছজনকৈ লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে, ঠিক তেনে সময়তে প্রতিদিনে এই দুখন বজাৰত কেইবা হাজাৰ লোকে ভিৰ কৰাৰ ভয়াৱহ দৃশ্যই ইতিমধ্যে চিন্তিত কৰি তুলিছে ধিং–ডুমডুমীয়াৰ সচেতন লোকক৷ এইক্ষেত্রত নগাঁও জিলা প্রশাসনৰ লগতে ধিং, ডুমডুমীয়া আৰু বটদ্রৱা আৰক্ষীয়ে সম্পূর্ণ নীৰৱ ভূমিকা পালন কৰাহে পৰিলক্ষিত হৈছে৷

RELATED ARTICLES