peepl-small

গণনা কক্ষ–প’লিং ষ্টেচন বৃদ্ধিৰ বাবে পলম হ’ব ভোটগণনাত

PUBLISHED:

গুৱাহাটী: বহু প্রতীক্ষাৰ অন্তত কাইলৈ অসম বিধানসভা নির্বাচনৰ ভোটগণনা সম্পন্ন হ’ব৷ ক’ভিড বিভীষিকাৰ মাজত সুকলমে ভোটগণনা কৰিবলৈ নির্বাচন আয়োগে গ্রহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা৷ সমান্তৰালভাৱে ৰাজনৈতিক দল, প্রার্থী আৰু সমর্থকসকলৰ বাবে  জাৰি কৰিছে কঠোৰ ক’ভিড প্রট’কল৷ আজি অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই জানিবলৈ দিয়া মতে, ৪৮ ঘণ্টা পূর্বে ক’ভিড পৰীক্ষাৰ ৰিপ’ট নিগেটিভ অহা বা ক’ভিড ভেকচিনৰ দুটা ড’জ গ্রহণ কৰা প্রার্থীকহে ভোটগণনা কেন্দ্রৰ ভিতৰত সোমাবলৈ দিয়া হ’ব৷ বিজয়ী প্রার্থীগৰাকীক প্রমাণ–পত্র সংগ্রহৰ সময়ত কেৱল দুজন সমর্থকে সংগ দিব পাৰিব৷

একেদৰে ভাৰতৰ নির্বাচন আয়োগৰ নির্দেশনামর্মে সকলো ধৰণৰ বিজয় সমদল সমগ্র ৰাজ্যত নিষিদ্ধ কৰা হৈছে৷ লগতে ৰাজহুৱা স্থানতো কোনো দলৰ সমর্থকে সমাগম কৰিব নোৱাৰিব৷ অসমৰ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে সদৰী কৰা মতে, কালিৰ দিনটোত ৭০.৬৭ শতাংশ কাউণ্টিং এজেণ্টৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে৷ তেওঁলোকক ভোটগণনা কেন্দ্রত প্রৱেশৰ সময়ত আকৌ এবাৰ থার্মেল স্ক্রীনিং কৰা হ’ব৷ লগতে ভোটগণনা প্রক্রিয়াত প্রতিগৰাকী প্রার্থীয়ে ফেচ মাস্ক, ফেচ শ্বীল্ড পৰিধান কৰি থকাটো বাধ্যতামূলক৷ ক’ভিডৰ সংক্রমণ প্রতিৰোধ কৰিবৰ বাবেই এইবাৰ কাউণ্টিং হলৰ সংখ্যা ১৩১ শতাংশ বৃদ্ধি কৰা হৈছে৷

২০১৬ চনৰ নির্বাচনত মুঠ কাউণ্টিং হলৰ সংখ্যা আছিল ১৪৩টা৷ এইবাৰ মুঠ কাউণ্টিং হলৰ সংখ্যা হ’ল ১,৩৩১টা৷ প্রতিটো হলত ৭খনকৈ কাউণ্টিং মেজ থাকিব৷ উল্লেখ্য যে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্রহণ কেন্দ্রৰ সংখ্যাও যথেষ্ট বৃদ্ধি কৰা হৈছিল৷ লগতে বহুসংখ্যক ভোটাৰে এইবাৰ পোষ্টেল বেলটযোগেও ভোটদান কৰিছে৷ যাৰ বাবে পূর্বৰ তুলনাত এইবাৰ ভোটগণনাৰ বাবে অধিক সময়ৰ প্রয়োজন হ’ব৷ একোটা বিধানসভা সমষ্টিত ১০ৰ পৰা ৩৩ ৰাউণ্ড পর্যন্ত ভোটগণনা কৰা হ’ব৷ তদুপৰি ষ্ট্রং ৰুমৰ পৰা কাউণ্টিং হললৈ ই ভি এম অনাৰ সময়ত যাতে কোনো অঘটন সংঘটিত নহয়, তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷

এনেদৰেই কঠোৰ ক’ভিড বিধি আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি পুৱা ৮ বজাৰ পৰা সমগ্র ৰাজ্যত ১২৬টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হ’ব৷ ইপিনে ভোটগণনাৰ দিনটোত নির্বাচন আয়োগ আৰু অসম ৰাজ্যিক দুর্যোগ ব্যস্থাপনা প্রাধিকৰণে জাৰি কৰা নির্দেশনাসমূহ যাতে আখৰে আখৰে বলৱৎ হয়, তাৰ প্রতি কঠোৰ দৃষ্টি ৰাখিব অসম আৰক্ষীয়ে৷

ইয়াৰ বাবে শনিবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই মহানগৰ আৰক্ষী আৰু জিলা, মহকুমাৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে দুখনকৈ গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ ডিজিপি মহন্তই পুৱাৰ ভাগত মহানগৰ আৰক্ষী আয়ুক্তৰ সৈতে কাইলৈৰ পৰিস্থিতিত ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰাৰ পাছত জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াৰ সৈতে এক ভিডি’ কনফাৰেঞ্চিঙত অংশ লয়৷ কোনো পৰিস্থিতিতে যাতে ক’ভিড প্রট’কল ভংগ নহয়, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াসকলক নির্দেশ দিয়ে৷ ডিজিপি ভাস্কৰজ্যোতি মহন্তই কাইলৈ কোনোধৰণৰ বিজয় সমদল নুলিয়াবলৈ সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছে৷ ভোটগণনাৰ দিনটোৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবৰ বাবে অসম আৰক্ষীয়ে আজি সকলো জিলাতে আখৰা অনুষ্ঠিত কৰে৷

RELATED ARTICLES